Air Taxi : যান-জঁট হ্ৰাস কৰিবলৈ আকাশপথত যাতায়াত !

দুবছৰৰ ভিতৰতে আকাশত উৰিব ড্র'ন টেক্সি

11f12810fb5e4724a1ac6c6c8d3243ae 18

Air Taxi :

খৰখেদাত থাকোঁতে যান-জঁটত আৱদ্ধ হৈ থকাৰ সময়তে অনেকৰেই টেক্সিটো যদি আকাশত উৰি মুহূর্ততে গন্তব্যস্থলত পায় যায় কিমান ভাল হ’ল হেঁতেন ! অৱশ্যে এই ভাবনা এতিয়া সম্পূৰ্ণ অবাস্তৱ নহয় । কাৰণ অতি শীঘ্ৰে বজাৰত উপলব্ধ হ’ব উৰন্ত টেক্সি

একাধিক বেচৰকাৰী সংস্থাৰ দৰে জার্মানীৰ ‘ভ’ল’কপ্টাৰ’ সংস্থায়ে মুকলি কৰিলে তেওঁলোকে নিৰ্মাণ কৰা উৰন্ত টেক্সিৰ পৰীক্ষামূলক অভিযান । যি দেখাত প্ৰায় ড্র’নৰ সদৃশ ।

বৃহস্পতিবাৰে ফ্রান্সৰ পেৰিছ চহৰত সেই টেক্সি উৰোৱাৰ পাছত প্রস্তুতকাৰক সংস্থাৰ তৰফৰ পৰা জনোৱা হ’ল, ২০২৪ৰ পৰাই আৰম্ভ হ’ব এই সেৱা । যি সময়ত ফ্রান্সত গ্রীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ’ব । সেই লক্ষ্যত আগন্তুক ১৮ মাহত এই উৰন্ত টেক্সিৰ বাবে প্ৰমাণপত্র যোগানৰ কাম কৰিব সংস্থাই । তদুপৰি আন্ত‍ঃগাঁথনিমূলক দিশৰ পৰা এই যানত কিছু সালসলনিও অনা হ’ব পাৰে বুলি জনাইছে সংস্থাৰ চিইঅ’ ডার্ক হ’কে ।

সংস্থাৰ তৰফৰ পৰা আৰু জনোৱা হৈছে, এই উৰন্ত টেক্সিত সম্প্ৰতি দুজন যাত্রী বহিব পাৰিব । বিমান আৰু হেলিকপ্টাৰৰ স’তে এই যানখনৰ মূল পার্থক্য হ’ল, উঠা-নমা কৰিবলৈ অতি কম ঠাইৰ প্ৰয়োজন হয় এই টেক্সিক । ফলত চহৰৰ এটা প্রান্তৰ পৰা অন্য প্রান্তত যোৱা বহু সহজ হ’ব ।

প্রসংগত, বিগত মাহতে চীনৰ গুৱাংঝাউৰ এটা সংস্থায়ো ডুবাইৰ আকাশত তেওঁলোকৰ উৰন্ত টেক্সি পৰীক্ষামূলকভাৱে উৰাইছে । ২০২১ৰ পৰাই এই ‘ইভিটিঅ’এল’ যানখনক লৈ গৱেষণা চলাইছিল সংস্থাটোৱে ।

Exit mobile version