Allahabad High Court : অনুকম্পামূলক চাকৰি কৰি নিজ পৰিয়ালক চোৱাচিতা নকৰা সকলৰ বাবে এটা বেয়া খবৰ

allahabad high court

Allahabad High Court :

পৰিয়ালক সময়মতে চোৱাচিতা নকৰা সকলক কঠোৰ সতৰ্কবাণী আদালতৰ ৷ অনুকম্পামূলক ভাৱে চাকৰি লাভ কৰাৰ পিছত পৰিয়াললৈ পিঠি দিয়া সকলৰ যাব পাৰে চাকৰি ৷ পৰিয়ালত ভৰণপোষণ নকৰা সকলৰ চাকৰি কাঢ়ি লোৱাৰ কঠোৰ সকীয়নি দিছে আদালতে ৷

উল্লেখ্য যে অনুকম্পামূলক চাকৰি পোৱাৰ পিছতে পৰিয়াললৈ পিঠি দিয়া এজন কৰ্মচাৰীৰ বিৰুদ্ধে পৰিয়ালে দিয়া এটা গোচৰৰ শুনানিৰ ৰায়দানত এই কঠোৰ সতৰ্কবাণী দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷

স্মতৰ্ৱ্য যে উত্তৰ প্ৰদেশৰ এগৰাকী ৰে’লৱে কৰ্মচাৰীৰ অকাল মৃত্যুৰ পিছত অনুকম্পামূলকভাৱে তেওঁৰ পুত্ৰই লাভ কৰে চাকৰি ৷ কিন্ত চাকৰি পোৱাৰ কেইমাহমানৰ পিছৰে পৰা পৰিয়ালৰ প্ৰতি পিঠি দিয়ে৷বিধৱা মাতৃ সহ আনসকলক ভৰণপোষণ দিয়াৰ পৰা বিৰত আছিল ৷

পৰৱৰ্তী সময়ত লোকজনৰ পৰিয়ালৰ লোকে ন্যায় বিছাৰি কাষ চাপে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৷ ন্যায়ালয়ৰ এখন পীঠে গোচৰৰ শুনানি লৈ ৰায়দানত কয় , অনুকম্পামূলক চাকৰিপ্ৰাপ্ত লোকক জনক সকীয়নি দিয়ে নিজ বিধবা মাতৃ আৰু পৰিয়ালৰ আন সকলক চোৱাচিতা নকৰিলে চাকৰি ঘূৰাই লোৱা হ’ব ৷

ইতিমধ্যে আদালতৰ এই ৰায়দানক গোচৰীয়া পৰিয়ালটি সহ বহুজনে আনন্দ প্ৰকাশ কৰিছে ৷

Exit mobile version