CMO Assam : ঢেকিয়াজুলী বনকৰা কিশোৰী মৃত্যু প্ৰসংগত মুখ্যমন্ত্ৰীৰ সংবাদমেল

ঘটনাক গাপ দিয়াৰ চেষ্টা এছ পি- এএছপিৰ : মুখ্যমন্ত্ৰী

CMO Assam :

ৰাজ্য কঁপাই যোৱা ঢেকীয়াজুলী বনকৰা কিশোৰী মৃত্যু প্ৰসংগত এছ পি, এএছপি, দণ্ডাধীশ, অ’চি আৰু তিনিজনকৈ চৰকাৰী চিকিৎসক গ্ৰেপ্তাৰৰ পিছতে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্ৰী সভাগৃহত সম্বোধন কৰে এক সংবামেল ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে সমস্ত ঘটনা সন্দৰ্ভত কয় যে ধূলাৰ বনকৰা কিশোৰী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷যাৰবাবে আমি নিজেই ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন চলাইছিলো ৷ পৰৱৰ্তী সময়ত এই গোচৰৰ তদন্ত ১৮ আগষ্টত দিয়া চিআইডিক ৷চিআইডিয়ে এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, চিআইডিলৈ গোচৰ হস্তান্তৰ হোৱা পিছত তদন্তত পোহৰলৈ আহে যে আৰতী তুৰীৰ তদন্তত গাফিলতি কৰিছিল আৰক্ষীয়ে ৷ গোটেই ঘটনাটোক গাপ দিয়াৰ বাবে উঠিপৰি লাগিছিল আৰক্ষী অধীক্ষক সহ নিলম্বিত আন সকল সহযোগীয়ে ৷

মুখ্যমন্ত্ৰীয়ে সাংবাদিক মেলত কয়, এছ পি সন্মিলনত ধূলাৰ ঘটনা বিষয়ে আলোচনা কৰা হৈছিল আৰু এই ঘটনাৰ স’তে জড়িত কোনোৱে যাতে ৰেহাই নেপায় ৷ এই বিষয়ে স্পষ্ট নিৰ্দেশনা দিয়া হৈছিল ৷শেহতীয়াকৈ বিগত এটা বছৰত সকলো অস্বাভাৱিক আত্মহত্যা ঘটনাৰ নতুনকৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে  ৷

উল্লেখ্য যে সংবাদমেলত উপস্থিত চিআই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণই ঘটনাৰ তদন্তৰ বিতং তথ্য সদৰি কৰি কয় ঘটনাৰ মুল অভিযুক্ত এছএছ বি জোৱান কৃষ্ণকমল বৰুৱাই নিজেই চিপজৰী খুলি আনিছিল কিশোৰ গৰাকীৰ নিথৰ দেহ ৷ আনকি সেই সময়ত ঘটনাৰ বাবে উপস্থিত থকা দণ্ডাধীশ জনৰ নেতৃত্বত যোৱা দলে লোৱা নাছিল কিশোৰী গৰাকীৰ চিপজৰী লোৱা ফটো৷ আনকি চৰকাৰী চিকিৎসকে দিয়া মৰণোত্তৰ প্ৰতিবেদনত চিপলোৱা উচ্চতা ৩ফুট বুলি উল্লেখ কৰা হৈছিল ৷

সমগ্ৰ ঘটনাটোক গাপ দি অভিযুক্ত কৃষ্ণকমল বৰুৱাক ৰক্ষণাবেক্ষণ দিবলৈ ধূলা থানাৰ অ’চিয়ে উৎকোচ লৈছিল পাঁচ লাখ টকা ৷ইয়াৰ অংশীদাৰ হৈছিল এছ পি এএছ পি সহ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আৰক্ষী বুলি সংবাদমেলত সদৰি কৰে চি আই ডিৰ এ ডি জি পি গৰাকীয়ে ৷

উল্লেখ্য যে আৰতী তুৰী হত্যাৰ সন্দৰ্ভত ইতিমধ্যে চি আইডিয়ে গ্ৰেপ্তাৰ কৰিছে ধূলা থানাৰ অ’চি উৎপল বৰা ,এ এছ পি ৰূপম ফুকন, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিজনকৈ জ্যেষ্ঠ চিকিৎসক ডা:অৰুণ ডেকা,ডা:অনুপম শৰ্মা আৰু ডা:অজন্তা বৰদলৈক ৷

মনকৰিবলগীয়া যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনাই ব্যৰ্থ হোৱা দৰংৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু ধূলাৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ আৰ্শীবাদ হাজৰিকাই অৱশেষত চিআইডিত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷ পিছত দুয়োকে অনুসন্ধানকাৰী সন্থাটোৱে গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version