Guwahti Fire :মহানগৰীৰ ৩নং গেটৰ টকৌবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

WhatsApp Image 2022 11 11 at 21.29.07 1

Guwahti Fire :
মহানগৰীৰ ৩নং গেটৰ টকৌবাৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ এটা বিল্ডিঙৰ ওপৰৰ মহলাত থকা ৩টাকৈ কোঠা সম্পূৰ্ণৰূপে ভস্মিভূত ৷

বহুবছৰ ধৰি ঘৰটোত ভাৰা আছিল ওম প্ৰকাশ মাহাট’ নামৰ এজন ব্যৱসায়ী৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭ লক্ষ্যাধিক টকাৰ সা-সম্পত্তিৰ ভষ্মিভূত হয় ৷

ঘৰৰ ভিতৰৰ কোঠাত ৭মহীয়া সন্তান সহ ওমপ্ৰকাশ নামৰ ব্যক্তি এজন ,তেওঁৰ পত্নী আৰু মাক উপস্থিত আছিল ৷  ওমপ্ৰকাশৰ পত্নিয়ে বাহিৰলৈ চায় আৰু দেখা পায় জুই ৷

বাওঁফালৰ দুটা কোঠাৰ পৰা জুইৰ সূত্ৰপাত হয় ৷ অৱশ্যে ঔমপ্ৰকাশৰ পৰিয়াল কোনো হানিবিঘিণি নোহোৱাকৈ নিৰাপদে বিল্ডিংটোৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷

জুইৰ লেলিহান শিখাই পলকতে বিল্ডিংটোৰ ওপৰত থকা তিনিওটা কোঠা আগুৰি ধৰে ৷ফলত সম্পূৰ্ণাৰূপে ভস্মীভূত হয় কোঠা কেইটা ৷

অগ্নিকাণ্ডৰ ফলত কোনো লোকৰ ক্ষতি হোৱা নাই যদিও বৃহৎ পৰিমাণৰ সম্পত্তি লোকচান হয় ৷ আনহাতে ঘটনাথলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হয় সেয়া ৰহস্যৰ আৱৰ্তত ৷

Exit mobile version