Siddhaanth Vir Surryavanshi : ৪৬ বছৰ বয়সত মৃত্যু টেলিভিছনৰ জনপ্রিয় অভিনেতা সিদ্ধান্ত বীৰ সূর্যবংশীৰ

Siddhaanth Vir Surryavanshi died

Siddhaanth Vir Surryavanshi :

জনপ্ৰিয় অভিনেতা সিদ্ধান্ত বীৰ সূর্যবংশীৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৬ বছৰ । হিন্দী টেলিভিছন জগতৰ জনপ্রিয় মুখ আছিল তেওঁ ।

শুকুৰবাৰে জিমত শৰীৰচর্চা কৰি থকাৰ সময়ত হঠাৎ হৃদ্‌যন্ত্র বিকল হৈ মৃত্যু হয় অভিনেতাজনৰ । ‘কুসুম’, ‘ৱাৰিছ’, ‘সূর্যপুত্র কর্ণ’ প্রভৃতি ধাৰাবাহিকত তেওঁৰ উপস্থিতিয়ে দর্শকৰ মন জয় কৰিছিল ।

সূত্রৰ খবৰ, অভিনেতাজন অসুস্থ হৈ পৰাত তেওঁক কোকিলাবেন ধীৰুভাই অম্বানি হাস্পাতালত লৈ যোৱা হয় । ৪৫ মিনিট ধৰি সিদ্ধান্তৰ চিকিৎসা কৰে চিকিৎসকসকলে । অৱশ্যে অৱশেষত হাস্পাতালতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে ।

এই বাতৰি জনাইছে অভিনেতাজনৰ বন্ধু জয় ভানুছালীয়ে । তেওঁ নিজৰ ইনষ‌টাগ্রাম ষ্টোৰিত সিদ্ধান্তৰ মৃত্যুৰ খবর নিশ্চিত কৰে । গভীৰ শোকপ্রকাশ কৰি লিখে, ‘‘বহুত সোনকালে গুচি গ’ল !’’

সুস্থ-সৱল শৰীৰৰ বাবে ঘণ্টাৰ পাছত ঘণ্টাজুৰি জিমত কচৰৎ কৰে অনেকেই । কিন্তু চিকিৎসকৰ পৰামর্শ, সঠিক প্রশিক্ষণ অবিহনে জিম কৰাৰ পৰিণতি যে কিমান ভয়ানক হ’ব পাৰে, তাৰ আন এটা জ্বলন্ত উদাহৰণ প্রকাশ্যত আহিল ।

ছেপ্টেম্বৰত জিম কৰিবলৈ গৈ প্রয়াত হয় বলিউড ছুপাৰষ্টাৰ ছলমান খানৰ ‘বডি ডাবল’ সাগৰ পাণ্ডে । দুপৰীয়া জিমত শৰীৰচর্চা কৰাৰ সময়ত হৃদ্‌ৰোগত আক্রান্ত হয় তেওঁ । লগে লগে তেওঁক মুম্বাইৰ এখন হাস্পাতালত লৈ যোৱা হয় । কিন্তু অৱশেষত তেওঁ মৃত্যুক সাৱটি লয় । তেওঁৰ বয়স হৈছিল ৫০ বছৰ । নিজৰ ‘বডি ডাবল’-ৰ মৃত্যু নিশ্চিত কৰি ইনস্টাগ্রামত ছলমানে লিখিছিল, ‘‘মনৰ পৰা ধন্যবাদ জনাইছো মোৰ লগত থকাৰ বাবে । ভাই সাগৰ, তোমাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো ।’’

কেৱল সাগৰ নহয়, কিছু মাহ পূৰ্বে জিম কৰি থাকোতে অসুস্থ হৈ পৰিছিল বলিউড অভিনেতা ৰাজু শ্রীবাস্তৱ । হাস্পাতালত বহু দিন চিকিৎসাধীন হৈ আছিল তেওঁ । অৱশ্যে হাস্পাতালতে প্ৰাণ যায় কৌতুকশিল্পীৰ । জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰো বিগত বছৰত শৰীৰচর্চা কৰি থাকোতে এনে মর্মান্তিক পৰিণতি ঘটে ।

Exit mobile version