Six Tribes Forum : ছয় জনগোষ্ঠী যৌথ মঞ্চৰ ১৫ নৱেম্বৰত বাৰঘণ্টীয়া অসম বন্ধৰ আহ্বান

WhatsApp Image 2022 11 11 at 19.15.36

Six Tribes Forum:
ৰাজ্যৰ ছয় জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সুদীৰ্ঘদিন প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত নৱগঠিত ছয় জনগোষ্ঠীই যৌথ মঞ্চই ১৫ নৱেম্বৰত বাৰঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰে ৷ এই বন্ধ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ থাকিব বুলি মঞ্চই জানিব দিয়ে।

সংগঠন কেইটাৰ যৌথ মঞ্চৰ নেতৃবৰ্গই আজি মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত অসম বন্ধৰ আহ্বান জনোৱাৰ লগতে কেইবাটাও আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷

আনহাতে অসম বন্ধৰ পূৰ্বে ১৪ আৰু ১৭ নৱেম্বৰত ছয় জনগোষ্ঠীৰ নেতৃবৰ্গ আৰু কৰ্মীয়ে ধেমাজী আৰু শিৱসাগৰৰ শিমলুগুৰি ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত অৱস্থান কৰি ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সদৰি কৰে যৌথ মঞ্চৰ যুটীয়া সম্পাদক তথা টাইপাৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে ৷

তাৰ পৰৱৰ্তী সময়ত ৩০ নৱেম্বৰত নতুন দিল্লীৰ যন্তৰ-মন্তৰত অৱস্থান ধৰ্মঘট আৰু তাৰ পিছত ধাৰাবাহিকভাৱে ৰাজ্যৰ ৰাজপথ অৱৰোধৰ লগতে পৰৱৰ্তী সময়ছোৱাত দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷
ছয় জনগোষ্ঠী নেতৃবৰ্গই কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কৰি দিয়ে যে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতি মৰ্য্যদা ঘোষণা নকৰিলে লোকসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা শূন্যৰে বিদায় দিয়াৰ কথা প্ৰকাশ কৰে নেতৃবৰ্গই ৷

উল্লেখ্য যে ছয় জনগোষ্ঠী নেতৃবৰ্গই আজিৰ সংবামেলত স্পষ্টতাৰে কয় যে অসম বন্ধ সহ অনান্য কাৰ্য ৰূপায়ণত চৰকাৰে আলোচনাৰ বাবে আমন্ত্ৰণ কৰিলে সেয়া একেমুখে বৰ্জন কৰিব সংগঠন সমূহে ৷

সংবামেলত টাই আহোম যুৱ পৰিষদৰ যুটীয়া সম্পাদক দিগন্ত তামুলী,চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা,আছাৰ সভাপতি জাষ্টিন লাক্ৰা,মটক যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা উদয় শংকৰ মহন,কোছ- ৰাজবংশী সন্মিলনীৰ সভাপতি কনক নাৰায়ণ দেৱ আৰু মটক যুৱ-ছাত্ৰ পৰিষদ আৰু চাহ জনজাতি ছাত্ৰ সন্থা (স্বতন্ত্ৰ) ৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে ৷

Exit mobile version