Tea : চাহ , কফি বা গ্ৰীণ টি ! আপুনি কোনবিধ পানীয় খাবলৈ পচন্দ কৰে ?

আপোনাৰ পচন্দই ক’ব আপুনি কেনেধৰণৰ মানুহ !

WhatsApp Image 2022 11 11 at 16.55.18

Tea :

আপুনি চাহ, কফি বা গ্ৰীন টি, কোনবিধ খাবলৈ বেছি ভাল পায় ? আপোনাৰ পচন্দ-অপচন্দ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ ব্যক্তিত্ব ।

যদি আপুনি কফি খাই ভাল পাই, তেন্তে আপুনি এজন দুৰ্দান্ত ব্যক্তিত্বৰ অধিকাৰী লোক । আপুনি অযথা সময় নষ্ট কৰি বেয়া পায় । যিকোনো কামৰ ক্ষেত্ৰত আপুনি ভীষণ চিৰিয়াছ আৰু ধ্যান- ধাৰণাত বিশ্বাসী হয় । এইধৰণৰ লোক সদায় দৃঢ় প্ৰতিজ্ঞ হোৱা দেখা যায় । প্ৰচণ্ড আত্মবিশ্বাসী এনে লোকক কেতিয়াও অন্য লোকে পৰিচালিত কৰিব নোৱাৰে ।

আকৌ যদি আপুনি চাহ খাই ভাল পায়, তেন্তে আপুনি এজন শান্তিপ্ৰিয় লোক । এনে লোকে গভীৰ অৰ্থপূৰ্ণ কথা কোৱাৰ লগতে পৰিয়ালৰ উপৰিও নতুন বন্ধুত্ব গঢ়ি ভাল পায় । সামাজিক জীৱনত ভাৰাসাম্য ৰখা এনে লোকে ঐতিহ্য , সংস্কৃতি তথা মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হয় । অত্যন্ত ভাল ব্যৱহাৰ কৰা এনে লোক ধ্যান-ধাৰণাত বিশ্বাসী হোৱাৰ লগতে দৃঢ় মতামত দিব পাৰে আৰু সাহসী হয় ।

বিশেষকৈ মানুহৰ সংগত থাকি ভাল পোৱা এনে ধৰণৰ লোক অত্যন্ত আশাবাদী হয় । জীৱনৰ সৰু সৰু কথাত আনন্দ বিচাৰি ফুৰা এনে লোক জীৱনৰ বিভিন্ন দিশৰ সন্ধান কৰিও ভাল পায় ।

একেদৰে গ্ৰীণ টি খাই ভালপোৱা লোক খুব শান্ত, দৃঢ় আৰু নম্ৰ হোৱাৰ লগতে স্বাস্থ্য সচেতন হয় । নিজৰ লক্ষ্যত খুবেই চিৰিয়াছ এনে লোক শৰীৰ , মন তথা আৱেগৰ ভাৰাসাম্য ৰক্ষা কৰিব জানে । নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত সচেতন হোৱাৰ লগতে ৰীতি-নীতিক লৈ অন্ধবিশ্বাসী নহয় । নিজৰ ব্যক্তিত্বৰ প্ৰতি সচেতন এনে ব্যক্তিয়ে সকলো বিষয়তে পৰ্যবেক্ষণ কৰাৰ লগতে এজন ভাল শ্ৰোতা হোৱা দেখা যায় ।

বি: দ্ৰ: এই প্ৰতিবেদন কেৱল প্ৰচলিত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত । ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ।

Exit mobile version