World’s Largest Aircraft : ৰাছিয়াই বিধস্ত কৰা ইউক্ৰেইনৰ বিশ্বখ্যাত সৰ্ববৃহৎ জেট বিমানখন পুনৰ উৰিবলৈ সাজু

d943747f3c29ed16f5df58fc97e7dd11

World’s Largest Aircraft :

ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধই অতিক্ৰম কৰিলে ন মাহ ৷ ২৪ ফেব্ৰৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে প্ৰথমেই ৰাছিয়ান সেনাই টাৰ্গেট কৰে পৃথিৱীৰ সৰ্ববৃহৎ বিমান ‘Mriya’এএন-২২৫ কাৰ্গো ৷ বিমানখন ধবংসৰ পিছতে দেশখনৰ বিমান নিৰ্মাণ কোম্পানী এণ্টনভে চ’ছিয়েল মেডিয়াত পোষ্ট কৰি কয় যে, “আমাৰ কোম্পানীয়ে এণ্টনভ এএন-২২৫ কাৰ্গো বিমান খন দ্বিতীয়বাৰৰ বাবে নতুন ডিজাইনৰ কাম আৰম্ভ কৰা হৈছে ৷

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সমীপৱৰ্তী বিমানকোঠত পুনৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাবলৈ গৈ প্ৰথম পৰ্যায়ত উজতি খাইছে বিমান কোম্পানীটো ৷ প্ৰায় ২৯০ ফুট দীঘল বিমানখনৰ বিধস্ত পাখিবোৰ আৰু সন্মুখৰভাগ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৫০০ নিযুত ডলাৰ ৷

কিন্তু ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণৰ পিছত ইউক্ৰেইনৰ অৰ্থনীতি অতি শোচনীয় হৈ পৰিছে ৷ তথাপিও পিছুৱাই আহিব বিছৰা নাই এণ্টনভ কোম্পানী ৷

উল্লেখ্য যে ইতিমধ্যে বিশেষজ্ঞ সকলে পৰ্যবেক্ষণ কৰি নিশ্চিত কৰে যে বিমান খন পুনৰ নিৰ্মাণত সময় লাগিব প্ৰায় পাঁচ বছৰ ৷ ব্যয় হ’ব তিনি বিলিয়নতকৈ অধিক ৷

তথাপিও বিশ্ব বিখ্যাত বিখ্যাত বিমান খন পুনৰ নিৰ্মাণৰ বাবে ইউক্ৰেইন চৰকাৰে মিত্ৰ দেশবোৰৰ সহায় বিচাৰিছে ৷ইতিমধ্যে জাৰ্মানী সহ কে’বা খনো দেশে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷সকলো ঠিকে থাকিলে হয়তো শীৰ্ঘে উৰিবলৈ সাজু হ’ব সৰ্ব বৃহৎ বিমান এএন-২২৫ কাৰ্গো ৷

উল্লেখ্য যে ছয় ইঞ্জিনযুক্ত বৃহৎ জেট বিমানখন প্ৰথমবাৰৰ বাবে উৰা মাৰিছিল ১৯৮৮ বৰ্ষৰ ডিচেম্বৰত । কৰ’ণা কেন্দ্ৰীক সময়ছোৱাত বিশ্বজুৰি ক’ভিড ভেকছিন যোগান ধৰিবলৈ ব্যৱহাৰ কৰা হৈছিল এই বিমানখন ৷

Exit mobile version