Chirang Firing : চিৰাঙত নিশা গুলীচালনাৰ ঘটনা ,৬০ উৰ্ধৰ এগৰাকী মহিলাৰ মৃত্যু

6ee68963 68aa 4034 b892 fcb7f1a60446

Chirang Firing :

বি টি আৰত পুনৰ অস্ত্ৰৰ ঝনঝননি ৷ অঞ্চলটোৰ বহু কেইটা বিদ্ৰোহী সংগঠনে ইতিমধ্যে মুলসুঁতিলৈ আহি প্ৰশাসনৰ হাতত অস্ত্ৰ- শস্ত্ৰ জমা দিছে যদিও অবৈধ অস্ত্ৰ এতিয়াও মজুত আছে বহু জনৰ হাতত ৷ এনে ঘটনাক্ৰমৰ মাজতে যোৱা নিশা বিটিআৰৰ চিৰাংত সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ গুলীবিদ্ধ হৈ মৃত্যু মুখত পৰে ৬০ উৰ্ধৰ এগৰাকী মহিলা ৷

জিলা খনৰ ভূটান সীমান্তৰ্ৱতী পানবাৰী থানাৰ অন্তৰ্গত এন চি বৈগৰীগুৰীত নিশা সংঘটিত গুলীচালনাত মৃত্যু হোৱা মহিলা গৰাকীৰ নাম অন্তৰ বড়ো ৷ নিহত মহিলা গৰাকীৰ স্বামী মেব্ৰো বড়োই জানিবলৈ দিয়া ম’তে নিশা অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ পত্নীলৈ লক্ষ্য কৰি গুলীচালনা কৰি তৎমুহূৰ্ততে পলায়ন কৰে৷ গুৰুত্বৰভাৱে আহত হৈ থিতাতে মৃত্যু হয় মহিলা গৰাকীৰ ৷

উল্লেখ্য যে মৃত মহিলাৰগৰাকী স্থায়ীঘৰ বাক্সাৰ ছামঠাইবাৰীত । কিন্ত হাকোৱা নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হৈ চিৰাঙৰ চিৰাংৰ বৈগৰী গুৰি গাঁওখনত থাকিবলৈ লৈছিল স্থায়ীভাৱে ৷

আনহাতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে চিৰাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰি অপৰাধী সন্ধানত অভিযান চলাইছে যদিও শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ বানত সৰ্বস্বান্ত হেৰুৱা মহিলাগৰাকীক কোনে কি কাৰণত গুলীয়াই হত্যা কৰিলে সেইয়া ৰহস্যজনক হৈ পৰিছে ৷আৰক্ষীৰ তদন্তহে সমগ্ৰ বিষয় পোহৰলৈ আনিব বুলি আশা কৰিছে স্থানীয় ৰাইজে ৷

Exit mobile version