Coronavirus Update : দেশৰ দৈনিক ক’ভিড আক্ৰান্ত এহেজাৰৰ তলত

Corona Patient

Coronavirus Update :

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ । একেৰাহে দুদিন ধৰি, দেশত দৈনিক কৰ’না ৰোগীৰ সংখ্যা এক হাজাৰতকৈও কম। মৃত্যুৰ সংখ্যাৰ পৰা সক্ৰিয় ঘটনালৈকে, সামগ্ৰিকভাৱে সকলো পৰিসংখ্যাই দেশৰ কৰ’না মুক্তিৰ ইংগিত দিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশখনত ৮৩৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এতিয়ালৈকে, দেশত মুঠ কৰ’না সংক্ৰমণৰ সংখ্যা হৈছে চাৰি কোটি ৪৬ লাখ ৬৫ হেজাৰ ৬৪৩।

যদিও সংক্ৰমণ বৃদ্ধি পাইছে, যোৱা ২৪ ঘণ্টাত সক্ৰিয় ঘটনা হ্ৰাস পাইছে। বৰ্তমান দেশত ১২ হেজাৰ ৫৫৩ জন সক্ৰিয় কৰ’না ৰোগী আছে। যিটো মুঠ আক্ৰান্তৰ মাত্ৰ ০.৩ শতাংশ।

স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনতে চাৰি জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত ক’ভিড-১৯ ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ৩০ হেজাৰ ৫২৮।

মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজত সমগ্ৰ দেশতে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে। কেৱল যোৱা ২৪ ঘণ্টাত, সুস্থ হৈছে এহেজাৰ ২৪ জন । পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত চাৰি কোটি ৪১ লাখ ২২ হেজাৰ ৫৬২ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে।

বৰ্তমান, সুস্থতাৰ হাৰ হৈছে ৯৮.৭৮ শতাংশ। অৰ্থাৎ সামগ্ৰিকভাৱে দেশৰ পৰিসংখ্যাত সকাহ পোৱা গৈছে। ইয়াৰ মাজতে, দেশত ২১৯ কোটি ৭৯লাখ তকৈও অধিক কৰ’না ভেকছিন ৰ পালি প্ৰদান কৰা হৈছে।

Exit mobile version