Most expensive Coffee : হাতীৰ গোৱৰৰ পৰা প্ৰস্তুত কৰা হয় বিশ্বৰ আটাইতকৈ দামী কফি

6c597e91 e20a 483a b6f5 811b09c04503

Most expensive Coffee :

শুনি আচৰিত লাগিলেও সঁচা যে , হাতীৰ গোৱৰৰ পৰা প্ৰস্তুত কৰা হয় বিশ্বৰ আটাইতকৈ দামী কফি । থাইলেণ্ডত প্ৰস্তুত কৰা এই কফিৰ নাম ‘ ব্লেক আইভৰি কফি ।‘ সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰ অনুসৰি ,এই ব্লেক আইভৰি প্ৰস্তুত কৰা সংস্থাৰ মালিকৰ নাম হৈছে , ব্লেক ডানকিন ।

২০০২ চনত তেওঁ জাপানৰ এটা কোম্পানীত চাকৰি কৰিছিল । সেইসময়তে তেওঁ জানিব পাৰে যে , গন্ধগোকুলৰ মলৰ পৰা তৈয়াৰী কৰা থাইলেণ্ডৰ কোপি লুয়াক কফিৰ বাবে কফিপ্ৰেমীয়ে প্ৰায় ৫০ ডলাৰ পৰ্যন্ত খৰচ কৰে । এই কথা জানিব পাৰি ডানকিনে কোম্পানীৰ চাকৰি এৰি ব্লেক আইভৰি কফি নামৰ এটা কফি কোম্পানী আৰম্ভ কৰে । প্ৰথমতে ডানকিনে যদিও গন্ধগোকুলৰ মল ব্যৱহাৰ কৰাৰ কথা ভাবিছিল , কিন্তু পিছত হাতীৰ গোৱৰৰ পৰা কফি তৈয়াৰ কৰাৰ সিদ্ধান্ত লয় ।

ব্লেক আইভৰি কোম্পানীৰ পৰা পোৱা তথ্য অনুসৰি , এই কফি প্ৰস্তুত কৰিবলৈ প্ৰতিদিনে হাতীক খাদ্যৰ লগত এৰাবিকা চেৰি মিহলি কৰি খাবলৈ দিয়া হয় । তৃণভোজী হোৱাৰ বাবে হাতীৰ মলৰ পৰা মিঠা ফলৰ সুগন্ধ বাহিৰ হয় আৰু ইয়াৰপৰাই এই দামী কফি তৈয়াৰ কৰা হয়।

ব্লেকৰ সংস্থাৰ দাবী যে , এক কেজি কফি প্ৰস্তুত কৰিবলৈ এটা হাতীক ৩৩ কেজি চেৰি খোৱাবলগীয়া হয় । ইয়াৰপিছত হাতীৰ মলখিনি পৰিষ্কাৰ কৰি ৰ’দত শুকাই দিয়া হয় । ৰ’দত শুকোৱাৰ পিছত মলৰ উপৰিভাগ পেলাই দিয়া হয়। পুনৰ যন্ত্ৰৰ মাধ্যমেৰে মলখিনি চাফা কৰি আকৌ শুকোৱাই ভাজি পেলোৱা হয় আৰু এনেকৈয়ে ‘ব্লেক আইভৰি কফি ‘ প্ৰস্তুত কৰা হয় । এই কফিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে , বৰ্তমান ই বিশ্বৰ আটাইতকৈ দামী কফি ৰূপে পৰিগণিত হৈছে ।

তথ্য অনুসৰি থাইলেণ্ডৰ চিয়াং চায়েন অঞ্চলৰ গোল্ডেন ট্ৰায়াঙ্গেল এলিফেণ্ট ফাউণ্ডেশ্যনে উক্ত অঞ্চলৰ পৰাই এই মল সংগ্ৰহ কৰে । ব্লেক আইভৰি কফিৰ স্বাদ কেৰামেল তথা চকলেটৰ দৰে হয় । ইয়াৰ বজাৰ মূল্য প্ৰতিকিলোত দুই হাজাৰ ডলাৰ অৰ্থাৎ এক লাখ ৭১ হাজাৰ টকা হয় ।

Exit mobile version