Red River : বছৰৰ বেছিভাগ সময়তে ৰঙা হৈ থাকে এই নদীৰ পানী ! ৰামধেনুৰ সৈতে মিলন হোৱা প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি এই নদী ক’ত আছে ? জানিবলৈ পঢ়ক —

1b638f4a 8433 4e17 a376 f11c89305926

Red River :

প্ৰকৃতিয়ে যেনেকৈ নিজকে আপোনমনেৰে সজাই ৰাখে , শিল্পীৰ কল্পনাও সেইয়া যেন ঢুকি নাপায় । শিল্পীৰ কল্পনাত এখন ছবি যিমানেই ধুনীয়া নহওক কিয় , তাতোকৈ বহু বেছি ধুনীয়া হয় প্ৰকৃতিৰ নিজৰ সাজোন । প্ৰকৃতিৰ বুকুত নিৰলে বৈ গৈছে এনে এখন নদী ,যিখন নদী বছৰৰ বেছিভাগ সময়তে ৰঙা হৈ বৈ থাকে । চবুজ অৰণ্যত মাজত পাহাৰীয়া অঞ্চলত বৈ গৈছে এই ৰঙা নদীৰ ধাৰা ।

পাহাৰৰ পৰা যিমান নদীৰ সৃষ্টি হৈছে , কোনোখনৰ লগত তুলনা নহয় এই নদী । বিশেষকৈ এই নদীৰ পানী বৰ্ষা ঋতুতো ৰঙা হৈ থাকে । অৰ্থাৎ পাহাৰত যেতিয়া বৰ্ষাৰ আগমণ হয় , এই নদীৰ ধাৰাও লাহে লাহে ৰঙা বৰণৰ সাজ পিন্ধে । চবুজৰ বুকু ফালি প্ৰৱল সোঁতত বৈ থাকে এই ৰঙা পানীৰ নদী । বছৰৰ বেছিভাগ সময়তো এই নদীয়ে ৰূপ সলনি নকৰে ।
এই নদীখন এনেদৰেই বৈ আছে দক্ষিণ আমেৰিকাৰ পেৰু অঞ্চলত । পেৰুৰ কালচো অঞ্চলত পুকামায়ু নদীৰ এই ৰঙা স্ৰোত ধাৰাই এতিয়া সমগ্ৰ বিশ্বৰ বাবেই হৈ পৰিছে এক চমকপ্ৰদ ঘটনা । বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এই ৰঙা নদী পৰিদৰ্শন কৰিবলৈ পৰ্যটকৰ সোঁত বয় ।

তথ্য অনুসৰি , স্থানীয় ভাষাত পুকা মানে ৰঙা আৰু মায়ু মানে নদী । অৰ্থাৎ ৰঙা নদী । ইফালে গৱেষকসকল ইয়াৰ কাৰণ অধ্যয়ন কৰি কৈছে যে, পাহাৰত থকা আয়ৰণ অক্সাইড পানীত মিহলি হৈ যোৱাৰ বাবে বৰ্ষা ঋতুত এই নদীৰ পানী ৰঙা হৈ পৰে । যিহেতু বৰ্ষা ঋতুৰ বাহিৰে বাকী সময়ত এই নদীৰ সোঁতৰ ধাৰা ধীৰ গতিত বৈ যোৱা দেখা যায় । কিন্তু বৰ্ষা আৰম্ভ হ’লেই পুনৰ এই নদীৰ ধাৰা প্ৰৱল হৈ পৰে ।

ইফালে পুকামায়ু এই নদীখন যিটো পাহাৰৰ পৰা সৃষ্টি হৈছে , সেই অঞ্চলৰ আকাশত গোটেইদিন ৰামধেনুয়ে সাতোৰঙৰ মেলা পাতে আৰু এই স্থানতে ৰামধেনুৰ সাতোটা ৰঙৰ সৈতে এই ৰঙা নদীৰ মিলন হয় । এই দৃষ্টিনন্দন দৃশ্য চাবলৈ প্ৰতিজন প্ৰকৃতিপ্ৰেমী বিয়াকুল হৈ পৰা দেখা যায় ।

Exit mobile version