Seba online from fillup : মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা ছেবা

WhatsApp Image 2022 11 12 at 17.23.21

Seba online from fillup :

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে ।

পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীয়ে অনলাইনত কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ। প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ১৫ ৰ পৰা ১৫ ডিচেম্বৰলৈকে ৷ পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ বাবে মাচুলৰ চালান কাটিব ১৫ ডিচেম্বৰৰ ভিতৰত ৷

উল্লেখ্য যে ২০ ডিচেম্বৰৰ ভিতৰত প্ৰ- পত্ৰৰ বাবে বিদ্যালয় সমূহে সংগৃহীত কৰা মাচুল বেংকত জমা কৰাটো নিৰ্ধাৰণ কৰি দিছে ছেবাই ৷

২০২৩ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা নিখুঁটভাৱে কৰিবৰ বাবে এতিয়াৰে পৰা প্ৰাৰম্ভিক প্ৰস্তুতি চলাইছে ছেবাই ৷

Exit mobile version