Attacking with iron rod over gutkha payment : গুটখা ক্ৰয় কৰি টকা দিয়া নাই , খঙত ক্ৰেটাক লোহাৰ ৰডে মাৰিলে দোকানীয়ে

1668320339 lynching

Attacking with iron rod over gutkha payment :

প্ৰত্যেক দিনে দোকানৰ পৰা গুটখা কিনে কিন্তু পৰিশোধ নকৰে টকা । সেই খঙত ক্ৰেটাক লোহাৰ ৰডেৰে মাৰি হত্যা কৰিলে এজন দোকানীয়ে।

ঘটনাটো শনিবাৰে মধ্য প্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, মৃতব্যক্তিজন সুভাষ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বয়স ২৪বছৰ।

সুভাষ ললিতপুৰ কলনিৰ বাসিন্দা । সুভাষে ললিতপুৰ কলনিৰ কাম্পু আৰক্ষী থানাৰ ওচৰৰ এখন দোকানৰ পৰা নিয়মীয়াকৈ গুটখা ক্ৰয় কৰে।

অভিযোগ ,তেওঁ কেতিয়াও দোকানীজনক গুটখাৰ টকা দিয়া নাছিল। দোকানীজনে সুভাষক বহুদিন ধৰি প্ৰাপ্য টকাখিনি দিবলৈ অনুৰোধ কৰি আহিছিল। শনিবাৰে, দুয়োটা দলৰ মাজত তৰ্ক হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তৰ্কৰ সময়ত, দোকানীয়ে তেওঁৰ পুত্ৰক ফোন কৰিছিল আৰু দোকানলৈ আহিবলৈ কয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, পুত্ৰ আহি পোৱাৰ পাছত পিতৃ আৰু পুত্ৰই সুভাষক লোহাৰ ৰডেৰে আঘাত কৰে।

আঘাতৰ পাছত , সুভাষৰ গোটেই শৰীৰটো তেজেৰে লুতুৰি পুতুৰি হৈ পৰে । ওচৰৰ এখন চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত তেওঁক মৃত বুলি ঘোষণা কৰা হৈছে ।

গোটেই ঘটনাটো চিচিটিভি কেমেৰাত ধৰা পৰে । দোকানীজন (কৰণ সিং যাদৱ) আৰু তেওঁৰ পুত্ৰক (শচীন) হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

Exit mobile version