Cfi Leader Arrested :পিএফআইৰ ভাতৃ সংগঠন চিএফ আইৰ আত্মগোপন হৈ থকা নেতাক আটক

বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

2f0268e7 1f28 4d66 be31 0ac4d2547e8b

Cfi Leader Arrested :

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা কট্টৰ মৌলবাদী ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ ছাত্ৰ সংগঠনৰ পলাতক নেতাক আটক ৷

পিএফ আই ৰ কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া(চিএফ আই)ৰ আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ নেতা এজনক নিশা অসম আৰক্ষীয়ে কৰ্ণাটক আৰক্ষীৰ সহযোগত বেংগালুৰুৰ বেলুন্দুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম কৰিবলৈ সক্ষম হয় ৷ধৃত নেতাজনৰ নাম আমিৰ হামজা ৷

আটকাধীন চিএফ আই নেতাজনক অসম আৰক্ষীৰ বিশেষ দলটোৱে নিশাই বেংগালুৰুৰ মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতত হাজিৰ কৰে৷আদালতে তিনিদিনৰ ট্ৰেনজিট ৰিমাণ্ড প্ৰদান কৰাৰ পিছত দলটো গুৱাহাটী অভিমুখে ৰাওনা হয় ৷
সোমাবাৰে ধৃত আমিৰ হামজাক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদাতত হাজিৰ কৰিব আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ২৮ ছেপ্তেম্বৰত পাঁচ বছৰৰ বাবে পিএফ আইক নিষিদ্ধ ঘোষণা কৰাৰ পিছতে হামজাই ত্ৰিপুৰাত থকা তেওঁৰ পৰিয়ালৰ লোকৰৎ স’তে সংগোপনে বাহৰ পাতি আছিল বেংগালুৰুত৷ কিন্ত অসম আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰ অনুসৰি বেংগালুৰু মেট্ৰ’ আৰক্ষীৰ সহযোগত অৰ্তকিতে অভিযান চলাই হামজাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে ধৃত পিএফ আই নেতাজনৰ বিৰুদ্ধে ২/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/১২৪এ/১৫৩এ/৩৫৩’ডব্লিঅ ১৮ অধীনত গোচৰ পঞ্জীভূক্ত কৰিছে ৷

Exit mobile version