Cornatic Music : কৰ্ণাটকী সংগীতেৰে মুখৰিত মহানগৰীৰ শাৰদীয় আবেলি

Cornatic Music :

দক্ষিণ ভাৰতৰ প্ৰসিদ্ধ বাঁহীবাদক ‘মাইচোৰ এ চন্দনকুমাৰ’ৰ বাঁহীবাদনে মহানগৰীৰ শাৰদীয় পৰিবেশক অধিক মোহনীয় কৰি তোলে৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত শাস্ত্ৰীয় সংগীত প্ৰচাৰৰ প্ৰতিষ্ঠান স্পিকমেকে সহযোগত আজি আবেলি অনুষ্ঠিত এখন সংগীত সভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-শিক্ষক আৰু আমন্ত্ৰিত অতিথিৰ সন্মুখত শিল্পগৰাকীয়ে সংগীত পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

‘চিঙিং ফ্লুইট’ হিচাপে বিখ্যাত এই শিল্পীগৰাকী সংগীত নাটক অকাডেমিৰ বিচমিল্লাহ খান যুৱ পুৰষ্কাৰেৰে সন্মানিত৷ দেশ বিদেশৰ বহু সংগীতসভাত অংশগ্ৰহন কৰা এই শিল্পীগৰাকী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেডৰ শিল্পী৷ চন্দনকুমাৰৰ পুৰুষসুলভ বাদনশৈলীৰ মূল বৈশিষ্ট হ’ল শক্তিশালী ৰেপ, গতিশীল সুৰ আৰু সতেজ সৃষ্টিশীলতা৷ তেওঁৰ উদ্ভাৱনী মনটোৱে সদায় নতুন দিগন্ত আৰু সতেজ বৰ্ণনাৰ সন্ধানত থাকে আৰু তেওঁৰ বাদনত তাৰ প্ৰতিফলন থাকে ৷

শিল্পীৰ লগত সহযোগ কৰা এগৰাকী শিল্পী হ’ল বেহেলাবাদক ইদাপল্লি অজিত কুমাৰ৷ তেওঁ পণ্ডিত বালমূৰলী কৃষ্ণ, পণ্ডিত য়েচুদাস আদিৰ লগত দেশেবিদেশে সংগত কৰিছে৷ অনুষ্ঠানত মৃদংগম বাদনেৰে সহযোগ কৰিছিল বিদ্বান অৰ্জুন কুমাৰে৷ সংগীতা বড়োই পৰিচালনা কৰা এই অনুষ্ঠানটিৰ আঁত ধৰে হিমাস্মিতা ডেকা আৰু অভয়জিৎ পালে।

বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই শিল্পীকেইগৰাকীক সম্বদ্ধৰ্না জনায় আৰু ভবিষ্যতেও এনে সংগীতপৰিবেশনৰ বাবে আহ৩ান জনায়৷ শিল্পীকেইগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় শ্ৰোতাসকলৰ অংশগ্ৰহনৰ প্ৰশংসা কৰে৷ অনুষ্ঠানত প্ৰখ্যাত চৰোদ বাদক তৰুণ কলিতা, লেখক নম্ৰতা দত্ত, সাংবাদিক পংকজকুমাৰ দত্ত আদিও উপস্থিত থাকে৷

Exit mobile version