Diabetes Symptoms : ওজন কমি গৈছে, অসুস্থ প্রিয়ংকাৰ স্বামী নিক জোনাছ ! উপসর্গ জনালে নিজেই

images 10

Diabetes Symptoms :

টাইপ-১ ডায়েবেটিছত আক্রান্ত প্রিয়ংকা চোপ্ৰাৰ স্বামী তথা পপ তাৰকা নিক জোনাছ । ডায়েবেটিছ ৰোগ মূলত দুই ধৰণৰ হয় টাইপ-১ আৰু টাইপ-২ । টাইপ-১ ডায়েবেটিছ মূলত জিনগত সমস্যাৰ বাবে হয় আৰু অপ্রাপ্তবয়স্কসকলৰ অধিক হোৱা দেখা যায় ।

অনেকেই নাজানে, টাইপ-১ আৰু টাইপ-২ ডায়েবেটিছৰ মাজত পার্থক্য কি ?

টাইপ-১ ডায়েবেটিছক অট’ইমিউন ৰোগ বুলি কোৱা হয় । অগ্ন্যাশয়ত অৱস্থিত ইনছুলিন উৎপাদনকাৰী কোষবোৰ ক্ষতিগ্রস্থ হৈ যোৱাৰ ফলত শৰীৰত ইনছুলিন উৎপাদন সম্পূৰ্ণ বন্ধ হৈ যায়, সেই অৱস্থাক টাইপ-১ ডায়েবেটিছ বুলি কোৱা হয় ।

টাইপ-২ ডায়েবেটিছৰ ক্ষেত্রত অগ্ন্যাশয়ত অৱস্থিত ইনছুলিন উৎপাদনকাৰী কোষবোৰ ক্ষতিগ্রস্থ নহয় । কিন্তু শৰীৰত ইনছুলিন গ্রহণত বাধা দিয়ে । অৰ্থাৎ, টাইপ-২ ডায়েবেটিছৰ ক্ষেত্রত মানুহৰ শৰীৰে ইনছুলিনৰ পূর্ণ ব্যৱহাৰ কৰাত অক্ষম হৈ যায় । ফলত তেজত শর্কৰাৰ মাত্রা অত্যধিক পৰিমাণে বাঢ়ি যায় ।

নিকে তেওঁৰ ইনষ্টাগ্রামত জনাই কি কি উপসর্গ দেখি নিজে সতর্ক হৈছে :

১) বাৰে বাৰে ডিঙি শুকাই যোৱা । অতিৰিক্ত পানী পিয়াহ লগা ।

২) হঠাৎ ওজন কমি যোৱা ।

৩) ঘন ঘন প্রস্রাৱ লগা ।

৪) অধিক ক্লান্তি অনুভৱ কৰা । সকলো সময়তে বিৰক্তি ভাব ।

https://www.instagram.com/reel/Ck3Z0OVLtoH/?utm_source=ig_embed&ig_rid=7f060dcf-c960-4583-ac8c-0fff07206209

সম্প্রতি প্রিয়ংকাই ইনষ্টাগ্রামত নিক আৰু কন্যা মালতিৰ স’তে ছবি দিছে । পত্নী আৰু কন্যাৰ স’তে লছ এঞ্জেলেছৰ বাসগৃহত ছুটি কটাবলৈ যায় নিক‌ । কিছু দিন পূৰ্বে দীপাৱলীতো প্রিয়ংকা আৰু মালতিৰ স’তে দেখা গৈছিল নিকক । সেই ছবিতো নিকৰ মুখাবয়ৱত আছিল ক্লান্তিৰ ছাপ । এইবাৰ নিজেই শাৰীৰিক অসুস্থতাৰ কাৰণ জনালে নিকে ।

Exit mobile version