Hair Care : চুলি সৰা ৰোধ কৰে এই ৫ বিধ তেলে , জানিবলৈ পঢ়ক –

869c3b10 2053 40a9 acd1 cab7a0eb4e69

Hair Care :

প্ৰয়োজনীৰ পুষ্টিৰ অভাৱ , অযত্ন আৰু ৰুক্ষতাৰ কাৰণে বিভিন্ন সময়ত আমাৰ চুলি সৰা সমস্যাই দেখা দিয়ে । চুলিৰ আগ ফটা বা চিগি যোৱা এই সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ তলত উল্লেখিত তেলেৰে মালিচ কৰিলে সুফল লাভ কৰিব পাৰে ।

১/ এলমণ্ড তেল : চুলিৰ যত্ন লোৱাৰ ক্ষেত্ৰত এলমণ্ড তেল বা বাদাম তেল খুবেই উপকাৰী হিচাপে বিবেচিত হৈছে । ইয়াত থকা প্ৰোটিন , অমেগা ৯ , ফেটি এচিদ আৰু ভিটামিন ই চুলিৰ গঠনৰ বাবে খুবেই ভাল । চুলিৰ পুনৰ গঠনত এই তেলে সহায় কৰে ।

২/ নাৰিকল তেল : ৰুক্ষ চুলিত দৈনিক নাৰিকল তেলে মালিচ কৰিলে চুলি কোমল হোৱাৰ লগতে গঠন ভাল হয় । যিহেতু নাৰিকল তেলত প্ৰচুৰ পৰিমাণে অমেগা ৩ , ফেটি এচিদ আৰু ভিটামিন ই থাকে । যি চুলি সৰা ৰোধ কৰে ।

৩/ জলফাই তেল : জলফাই তেল বা অলিভ অইলে চুলি ক’লা কৰাত সহায় কৰে । ইয়াত থকা ফেটি এচিদ , ভিটামিন ই আৰু এলেক এচিদে চুলিত প্ৰাকৃতিক ময়েশ্বাৰাইজাৰ হিচাপে কাম কৰে ।

৪/ পদিনা তেল : পদিনাৰ তেলেৰে চুলি মালিচ কৰিলে চুলিৰ বৃদ্ধি সম্ভৱ হয় । ইয়াত থকা বিভিন্ন উপকাৰী গুণে চুলি দীঘল কৰাৰ লগতে চুলি সৰাও ৰোধ কৰে ।

৫/ ল্যাভেণ্ডাৰ এচেনছিয়েল তেল : ল্যাভেণ্ডাৰ তেলৰ নিয়মিত ব্যৱহাৰে চুলিৰ স্বাভাৱিক সৌন্দৰ্য ধৰি ৰাখে । বিশেষকৈ এই তেলৰ ব্যৱহাৰে চুলি ফটা সমস্যাও দূৰ কৰে ।

Exit mobile version