KK Admitted in Haspital : কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা গুৰুত্বৰভাৱে অসুস্থ

সংকটজনক অৱস্থাত হেল্থচিটি হাস্পতালত ভৰ্তি

WhatsApp Image 2022 11 13 at 14.38.48 1

KK Admitted in Hospital :

জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা গুৰুত্বৰভাৱে অসুস্থ ৷ উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’কত আক্ৰান্ত হোৱা জনপ্ৰিয় অভিনেতাজনক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে গুৱাহাটী খানাপাৰাস্থ হেল্থচিটি হাস্পতালত ৷

বৰ্তমান আই চি ইউত চিকিৎসাধীন হৈ থকা অভিনেতাগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে চিকিৎসক।

চিকিৎসালয় খনৰ বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত আছে জনপ্ৰিয় হাস্যব্যংগ অভিনেতাজন ৷ ইতিমধ্যে বহু অনুৰাগী হেল্থচিটি হাস্পতালত উপস্থিত হৈছে ৷

আনহাতে অভিনেতা গৰাকীৰ আশু আৰোগ্য কামনাৰে অনুৰাগীয়ে কৰিছে প্ৰাৰ্থনা। সকলোৰে আশা শীৰ্ঘে সুস্থ হৈ উঠক কে কে ৷

Exit mobile version