Metro : মহানগৰীত চাঞ্চল্যকৰ ঘটনা ,বন্ধুৱে বন্ধুক হত্যাৰ চেষ্টা

0528741d 8994 4f2c 9b26 ded6be1021b9

Metro :

মহানগৰীত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ আজি দিন-দুপৰতে এজন যুৱকক ব্লেডেৰে ৰেপি হত্যা চেষ্টা চলোৱা ঘটনা এটি সংঘটিত হয় বামুনীমৈদামত ৷

প্ৰাপ্ত তথ্য মতে দুই নলেগলে লগা বন্ধু ৷ কিন্ত পঞ্চাশ টকাৰ বাবেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়া ৷প্ৰথমে তৰ্কাতৰ্কি পিছতে এজনে আনজনক এখন ব্লেডেৰে ৰেপি হত্যা চেষ্টা কৰে ৷ গুৰুত্বৰভাৱে আহত এজনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় হাস্পতালত ৷

চান্দমাৰী থানাৰ অন্তৰ্গত কুশল নগৰৰ জিতুমণি কলিতাই উত্তৰজ্যোতি নগৰৰ জিতু কলিতাক ব্লেডে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সুৰাসক্ত জিতুমণি কলিতাক আটক কৰে ৷

উল্লেখ্য যে দুই বন্ধু সুৰামত্ত অৱস্থাত আছিল ৷ ইতিমধ্যে চান্দমাৰী থানাই এটি গোচৰ ৰজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷ মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্য ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ কৰে সচেতন মহলে ৷

Exit mobile version