Nepal brick industry labour:নেপালৰ ইটাভাটা কাৰখানাত শ্ৰমিক ৰপে নিয়োজিত

অৰ্ধ শতাধিক ভাৰতীয়ক উদ্ধাৰ নেপাল আৰক্ষীৰ

9bb238e8 488a 4c76 886d fa4d6c396669

Nepal brick industry labour :

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অংশকালীন শ্ৰমিক হিচাপে কৰ্মৰত হৈ পৰৱৰ্তী সময়ত আবদ্ধ হোৱা ৩৮ জন ভাৰতীয়ক উদ্ধাৰ কৰে নেপাল আৰক্ষীয়ে ৷

উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ ভিতৰত২০ জন পুৰুষ আৰু ১৮ গৰাকী শিশু আৰু মহিলা৷ সকলোকে দেশখনৰ পশ্চিমালৰ ৰাউতাহাটৰ পৰা উদ্ধাৰ কৰা হৈছে । পহিলা অৱস্থাত ভাটাসমূহত কাম কৰিবলৈ দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কাম কৰিবলৈ নিদিয়াকৈ এক প্ৰকাৰ বন্দী কৰি ৰাখিছিল ৷

ইতিমধ্যে ৰাউতহাটৰ উপ- আৰক্ষী অধীক্ষক এন ভট্টৰায়ে সংবাদ মাধ্যমক জানিব দিয়া মতে উদ্ধাৰ কৰা ভাৰতীয় শ্ৰমিক সকলৰ প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষাৰ অন্তত বিহাৰৰ সীতামাঢ়ীৰ বৈৰগনিয়াৰ দুই দেশৰ সীমান্ত গেটেৰে বিএছ এফৰ হাতত সুকলমে হস্তান্তৰ কৰে ৷

উল্লেখ্য যে কামৰ সন্ধানত নেপালৰ সীমামুৰীয়া উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেইবা সহস্ৰাধিক পুৰুষ- মহিলাই ৰাউতহাটৰ ইটাভাটাত শ্ৰমিক ৰূপে নিয়োজিত হয় ৷কিন্ত ইয়াৰে বহুতে কাম পাই যদিও বাকী সকলে কাম নোপোৱাৰ ফলত খাদ্য সংকটৰ সন্মুখীন হয় ৷

Exit mobile version