Pomegranate :ডালিমৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক —

WhatsApp Image 2022 11 13 at 14.53.49

Pomegranate :

আমাৰ সকলোৰে পচন্দৰ এবিধ অতিকৈ উপকাৰী ফল হৈছে ডালিম । আমি বহুতেই হয়তো ইয়াৰ উপকাৰী গুণৰ বিষয়ে সঠিককৈ জ্ঞাত নহয় । গতিকে আজি আমি আপোনালোকক ইয়াৰ উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম ।

ডালিমত থকা কিছু উপাদানে শৰীৰত পেশীৰ শক্তি বৃদ্ধি কৰি বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে । ইয়াৰোপৰি ডালিমৰ ৰসত উৰোলিথিনৰ অনু থাকে ।

যি আমাৰ শৰীৰত পেশীসমূহ শক্তিশালী কৰাৰ লগতে যৌৱন ধৰি ৰখাতো সহায় কৰে । সমান্তৰালকৈ ডালিম গছৰ পাত , ছাল , মূল সকলোৰে ঔষধি গুণ আছে । বিশেষকৈ ডালিমৰ পাতৰ ৰস বিভিন্ন পেটৰ অসুখ যেনে – গ্ৰহণী , কলেৰা আদি ৰোগত সেৱন কৰা দেখা যায় ।

উল্লেখ্য যে , চিকিৎসা বিজ্ঞানত এইকথা প্ৰমাণ হৈছে যে , ডালিমে কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগো প্ৰতিৰোধ কৰে ।
সাধাৰণ পানীলগা জ্বৰ , কাঁহ আদিত ডালিম খুবেই উপকাৰী ।

প্ৰচলিত ধাৰণা অনুসৰি ডালিমৰ কোঁহৰ পৰা উলিওৱা ৰস বতৰীয়া ৰোগ যেনে – জ্বৰ , পানীলগা আদি ৰোগ নিৰ্মূল কৰাত সহায় কৰে । প্ৰচুৰ চি ভিটামিনযুক্ত ডালিম দৈনিক খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় লগতে ডালিমে মানুহৰ ৰক্তহীনতা দূৰ কৰে । হাড়ৰ গঠন সুদৃঢ় কৰি শৰীৰক সুস্থিৰতা প্ৰদান কৰে ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো প্ৰচলিত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত । কোনো ৰোগ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version