Rollar Skating Championship : স্কেটিং চেম্পিয়নশ্বিপত দুটা সোনৰ পদকৰে ৰাজ্যলৈ

গৌৰৱ কঢ়িয়ালে পীযূষ হাজৰিকাৰ পুত্ৰ অৰ্থব অৰ্জুনে

4db883d3 ccba 4349 a52f 7771df055d39 1

Rollar Skating Championship :

নেপালত উজ্জ্বলিল অসম সন্তান ৷ পাৰ্বত্য দেশ খনত অনুষ্ঠিত হোৱা পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰ্থব অৰ্জুন হাজৰিকাই।

দেশখনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত অনুষ্ঠিত ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপৰ ৮ বছৰ অনুৰ্ধ শাখাত ২০০ আৰু ৪০০ মিটাৰ শাখাত অৱতীৰ্ণ হৈ দেশৰ বাবে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অৰ্থব অৰ্জুন তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকা আৰু মোহময়ী অভিনেত্রী আইমি বৰুৱাৰ সন্তান ।

উল্লেখ্য যে দুই দেশৰ মাজত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় খেলখনত দুই দেশৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ আনহাতে ভাৰতৰ পৰা ভাগ লোৱা প্ৰতিযোগীসকলৰ কে’বাজনেও ভিন্ন ইভেণ্টত সোন,ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

Exit mobile version