UGC : শীৰ্ঘেই বন্ধ হ’ব ইউ জি চিৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয় !

বন্ধ হ'ব দেশৰ আন ছয়টা আঞ্চলিক কাৰ্যালয়ো

UGC INTERNATIONAL AFFAIRS OFFICE

UGC :

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ ছয়খন ৰাজ্যত থকা আঞ্চলিক কাৰ্যালয় সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি ভূপাল, হাইদৰাবাদ, বেংগালুৰু, পুণে, কলকাতা আৰু গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক বিষয়াক কাৰ্যালয় বন্ধ কৰি দিল্লীলৈ তলৱ কৰা হৈছে ৷

ADVERTISEMENT

এতিয়াৰ পৰ দিল্লী কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পৰিচালিত হ’ব ৷ এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ সদস্য অধ্যাপক এম কে ধৰে সদৰি কৰা মতে দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তনৰ বাবে ইউ জিচিৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত অধিক সংখ্যক বিষয়াৰ প্ৰয়োজন হোৱাৰ বাবেই আঞ্চলিক কাৰ্যালয় সমূহ বন্ধ কৰা হৈছে ৷

সদস্য গৰাকীয়ে আৰু কয় যে, সাম্প্ৰতিক ইন্টাৰনেট যুগত আঞ্চলিক কাৰ্যালয় অপ্ৰাসংগিক হৈ পৰিছে ৷কিয়নো সকলো কামকাজ অনলাইনতে সম্পন্ন হয় ৷

মনকৰিবলগীয়া যে দেশৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ পিছতো অসমত আজিও চাহৰ মুখ্য কাৰ্যালয় কলকাতাৰ পৰা স্থানান্তৰিত নহ’ল ৷ যিকেইটা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ আঞ্চলিক কাৰ্যালয় আছে ৷ সেই কেইটাও ক্ৰমাৎ হৈ পৰিছে গুৰুত্বহীন ৷ তাৰ শেহতীয়া নিদৰ্শন ইউ জি চি আঞ্চলিক কাৰ্যালয় ৷

Exit mobile version