Accident : তালতলত ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাকৰ খুন্দাত নিহত বি এছ এফ জোৱান

accident11 1

Accident :

বজালী জিলাৰ ভৱানীপুৰ-পাটাছাৰকুছি সমষ্টিৰ সীমান্তৱৰ্তী তালতলত আজি দিনৰ প্ৰায় ১০-৪৫ বজাত ৩১নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন বি এছ এফৰ জোৱান নিহত হয়। নিহত বি এছ এফৰ জোৱানজন বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত মইনামাতা গাঁৱৰ বিপুল স্বৰ্গীয়াৰী(৩৮) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি , প্ৰয়াত জোৱানজনে এ এছ ১৮ ডি ২৮৩৯ নম্বৰৰ এখন মটৰ চাইকেলেৰে পাঠশালাৰ পৰা ভৱানীপুৰ অভিমুখে গৈ থকা সময়তে তালতলৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে উৰণীয়া সেঁতুৰ ওপৰত পিছফালৰ পৰা এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত স্বৰ্গীয়াৰী নামৰ এই জোৱানজন ঘটনাস্থলীতে নিহত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেলখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰে। বিএছফৰ ১৫১ নম্বৰ বেটেলিয়নৰ জোৱানৰূপে কৰ্মৰত নিহত স্বৰ্গীয়াৰী ছুটিত নিজ ঘৰলৈ আহিছিল ।

Exit mobile version