Children’s Day : ৮১৪ নং ছেদামাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

80f1faa2 d2aa 48c5 a69c 12988fc81479 1

Children’s Day :

আজি সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাৰ অধীনত ৮১৪ নম্বৰ ছেদামাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি, ৰাতিপুৱা পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়।

অনুষ্ঠানত শিক্ষাৰ্থী সকলে শিশু দিৱস উপলক্ষে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় নৃত্য,গীত প্ৰদৰ্শন কৰে । ইয়াৰ উপৰিও বিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পণ্ডিত জৱাহৰলাল নেহেৰুৰ বিষয়ে বক্তৃতা প্ৰদান কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।

উক্ত অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক কৃষ্ণ বৰ্মন,আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ সদস্য ভীস্ম সৰকাৰ,সোনাৰ কমতাপুৰ নিউজৰ মুখ্য সম্পাদক জনক ৰায়, দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক ধনকেশ বৰ্মন, ট্ৰাইব টিভিৰ সাংবাদিক চাহু মুৰ্মূৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ উপৰিও পৰিচালনা সমিতিৰ সদস্য সদস্যা সকল , বিদ্যালয়ৰ শিক্ষক সকল আৰু অভিভাৱক-অবিভা‌বিকা তথা ছাত্ৰ ছাত্ৰীসকল। সভাত উপস্থিত থকা আমন্ত্রিত অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক শিশু দিৱসৰ তাৎপর্যৰ বিষয়ে সাৰুৱা বক্তব্য দাঙি ধৰে।

Exit mobile version