COVID-19 : চীনত পুনৰ বৃদ্ধি ক’ভিড সংক্ৰমণ, এদিনত নতুনকৈ আক্রান্ত ১৬ হেজাৰ

112289679 whatsubject

COVID-19 :

পুনৰ চীনত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ প্ৰকোপ । দেশখনৰ স্বাস্থ্য বিভাগৰ অনুযায়ী, সোমবাৰে দেশখনত নতুনকৈ ১৬,০৭২ জন ক’ভিডত আক্রান্ত হৈছে । দেওবাৰে এই সংখ্যা আছিল ১৪,৭৬১ । বিগত ২৫ এপ্রিলৰ পাছত চীনত ইমান বিপুল সংখ্যক লোক ক’ভিডত আক্রান্ত হোৱা নাই । বেইজিং, গুয়াংঝাউৰ দৰে প্রদেশসমূহত সংক্রমণৰ হাৰ নিয়ন্ত্রণত ৰাখিব পৰা গ’লেও, ছাংহাইৰ পৰিস্থিতি অস্থিৰ ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা দৈনিক প্ৰতিবেদন প্রকাশ্যত অহাৰ পাছতেই, সংক্রমণ হ্ৰাস কৰিবৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে সংশ্লিষ্ট প্রশাসনে । অৱশ্যে কঠোৰ পদক্ষেপবোৰো নিয়ন্ত্রণত ৰখাৰ প্ৰতি লক্ষ্য ৰখা হৈছে । কাৰণ, চীনৰ বিতর্কিত ‘জিৰ’ টলাৰেন্স’ নীতিৰ ফলত অর্থনীতি, নাগৰিক জীৱন বিপর্যস্ত হৈছিল বুলি অনেকে ধাৰণা কৰে । চীনৰ বেছ কিছু প্রদেশত নাগৰিকসকলক ঘৰৰ বাহিৰত ওলোৱাতো নিষেধাজ্ঞা দিয়া হয় ।

বিশ্বত অতিমাৰীৰ প্রকোপ অনেকাংশে হ্ৰাস পালেও বহু দেশত এতিয়াও ক’ভিড প্রশাসনৰ মূৰৰ কামোৰণি হৈ আছে ক’ভিড । এই দেশসমূহৰ ভিতৰত চীনো আছে । অৱশ্যে অন্য দেশসমূহৰ তুলনাত চীনক লৈ অধিক চর্চা হোৱাৰ কাৰণ চীন প্রশাসনৰ কঠোৰ ক’ভিড নীতি ।

এই কঠোৰ নীতিৰ জৰিয়তে চীন অতিমাৰীমুক্ত হ’ব বুলি আশা কৰা হৈছিল । স্থানীয় লোকসকলেও নানা প্ৰকাৰে এই নীতিৰ বিৰুদ্ধে সৰৱ হৈছিল । কিন্তু তাৰ পাছতো স্থানীয় স্তৰত সংক্রমণ ৰোধ কৰিব নোৱাৰিলে বেইজিঙে ।

Exit mobile version