Eye : প্ৰ্কৃতিৰ ১০ কোটি ৰং দেখিব এই চকুত ! জানিবলৈ পঢ়ক —

c85a765f fd7c 4247 9cd3 3e30b991878d

Eye :

আমেৰিকাৰ কেলেফৰ্ণিয়াৰ অংগৰাজ্য চান দিয়েগোৰ এগৰাকী মহিলা । যাৰ নাম কনচেটা এণ্টিক’ । সৰুৰে পৰা ৰঙৰ প্ৰতি খুব আগ্ৰহ আছিল তেওঁৰ । এই আগ্ৰহৰ বাবেই তেওঁ প্ৰকৃতিৰ ১০০ মিলিয়ন তথা ১০ কোটি ৰং চিনি পাবলৈ সক্ষম হৈছিল । ফলত কম বয়সতে তেওঁৰ শৰীৰত কিছু বেলেগ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল । লাহে লাহে কনচেটাৰ চকুত মানুহে বিভিন্ন ৰং দেখিবলৈ আৰম্ভ কৰে ।

তেওঁৰ ওপৰত কৰা গৱেষণাৰ অন্তত পোৱা গ’ল যে , বিশ্বৰ বিৰল মাত্ৰ এক কোটি মানুহ আছে যি এইধৰণৰ বিশেষ চকুৰ অধিকাৰী হয় । আচলতে কনচেটাৰ চকু টেট্ৰাক্ৰোমেট ৰোগত আক্ৰান্ত । সাধাৰণ কথাত তেওঁৰ চকুত তিনিটা কোণৰ পৰিৱৰ্তে চাৰিটা কোণ আছে । চকুৰ এই কোণত এক কোটিৰো অধিক ৰং দেখিবলৈ পোৱা যায় । ফলত তেওঁৰ চকুত ১০০ মিলিয়ন ৰং চিনি পোৱাৰ ক্ষমতা আছে ।

গৱেষণাত এইকথাও পোৱা গৈছে যে ,তেওঁৰ এই বিশেষ চকুৰ কাৰণে প্ৰতিটো বস্তুৰে প্ৰকৃত ৰং চাবলৈ আৰম্ভ কৰে । সাধাৰণ মানুহে যিবিলাক ৰং নেদেখে , টেট্ৰাক্ৰোমেট অধিকাৰী চকুৰ যোগেদি সকলো ৰং দেখাৰ ক্ষমতা লাভ কৰে । ২০১২ চনত টেট্ৰাক্ৰোমেট চকুৰ ওপৰত এক গৱেষণা কৰা হৈছিল । গৱেষণাত এইকথা প্ৰমাণ হয় যে , এই ধৰণৰ চকু যিসকলৰ আছে , তেওঁলোকৰ সন্তানৰ মাজত বৰ্ণান্ধতাৰ দৰে গুৰুত্বৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।

যি সকলো সময়তে বিভিন্ন ৰং দেখিব পাৰে । ইফালে এণ্টিকো বৰ্ণান্ধতা ৰোগত আক্ৰান্ত লোকক সহায় কৰি আহিছে । এইক্ষেত্ৰত মানুহৰ টেট্ৰাক্ৰোমেট চকু সম্পৰ্কে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কিম্বাৰলি জেমচনে কৈছে যে , ১৫ % নাৰীৰ দেহত এক বিশেষ ধৰণৰ জিন থাকে , সেইসকলেহে এই ধৰণৰ চকুৰ অধিকাৰী হয় ।

উল্লেখ্য যে , এই ধৰণৰ চকু কেৱল নাৰীৰ দেহতে দেখিবলৈ পোৱা যায় । বৰ্তমানলৈকে পুৰুষৰ দেহত ধৰা পৰা নাই । কাৰণ এই জিন এক্স ক্ৰোমোজমক প্ৰভাৱিত কৰে । জিনৰ মিউটেছনৰ কাৰণে চকুত চতুৰ্থ শঙ্কু তৈয়াৰ হয় । এই ধৰণৰ মানুহ এই বিশেষ জেনেটিক্স লৈ জন্ম গ্ৰহণ কৰে ।

Exit mobile version