Henna : কি ৬ টা কাৰণৰ বাবে আপুনি চুলিত জেতুকা ব্যৱহাৰ কৰিব —

f6bcc7c1 ad3d 473c 8045 109c7797bc9c

Henna :

যুগ যুগ ধৰি মানুহে চুলিৰ যত্ন ল’বলৈ জেতুকা পাত ব্যৱহাৰ কৰি আহিছে । না-না বিধ গুণ সম্পন্ন এই ভেষজে প্ৰাকৃতিক উপায়েৰে চুলি ৰং কৰে । আনকি চুলিৰ গঠনতো জেতুকা পাতে সহায় কৰে । গতিকে আজি আমি এই প্ৰতিবেদনত চুলিৰ যত্ন লোৱাৰ ক্ষেত্ৰত জেতুকাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম ।

১/ জেতুকাত থকা উপাদানে মূৰৰ ছাল ঠাণ্ডা কৰি ৰখাত সহায় কৰে । ইয়াত থকা এণ্টি বেক্টেৰিয়া উপাদানে মূৰৰ ছালত থকা বিভিন্ন জীৱাণু প্ৰতিৰোধ কৰাতো সহায় কৰে ।

২/ জেতুকাই মূৰৰ খজুৱতি দূৰ কৰাৰ সমান্তৰালকৈ ছালৰ পি এইচ লেভেল আৰু তেল নি:সৰণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । অৰ্থাৎ ছালৰ তেল দূৰ কৰাত জেতুকাই সাংঘাটিক ধৰণে সহায় কৰে ।

৩/ ইয়াৰোপৰি চুলি মজবুত কৰা আৰু চুলি সৰা সমস্যাও জেতুকাই ৰোধ কৰে লগতে চুলি দীঘল হোৱাত জেতুকাৰ উল্লেখযোগ্য ভূমিকা আছে ।

৪/ জেতুকাই নতুন চুলি গজাতো সহায় কৰে । সপ্তাহত অন্তত এবাৰ হ’লেও জেতুকাৰ পাত পিহি সানিব পাৰিলে নতুন চুলি গজাতো একপ্ৰকাৰ খাটাং ।

৫/ ক’লা চুলিত জেতুকা ঘহিলে চুলি আৰু ক’লা হোৱাৰ লগতে চুলিখিনি কিচকিচিয়া ক’লা হোৱাত সহায় কৰে । একেদৰে পকা চুলিত জেতুকা সানিলে সুন্দৰ ৰঙীণ চুলি পোৱা যায় । যিসকলৰ চুলি ৰুক্ষ , তেওঁলোকে জেতুকাৰ লগত কণী , দৈ , আমলখি আৰু মিথি মিহলি কৰি সানিলে চুলি কোমল হোৱাৰ লগতে ঘন হয় ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো প্ৰাকৃতিকভাৱে ব্যৱহাৰ কৰা বিধান । কোনো ৰোগত আক্ৰান্ত হ’লেও চুলিৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Exit mobile version