Jaggery : বজাৰত উপলব্ধ ভেজাল গুড় চিনাৰ তিনিটা পদ্ধতি কি ?

WhatsApp Image 2022 01 10 at 3.43.16 PM

Jaggery :

গুড় স্বাস্থ্যৰ কাৰণে অতিকৈ উপকাৰী । বিশেষকৈ ইয়াত কেলচিয়াম , পটাচিয়াম , ফচফৰাচ , আয়ৰণ , জিংক , প্ৰোটিন আৰু ভিটামিন বি ৰ উৎকৃষ্ট উপাদান পোৱা যায় । শীতকালত গুড়ে শৰীৰ গৰম কৰি ৰখাৰ লগতে শীতত হ’ব পৰা চৰ্দি , কাঁহ আদিৰ পৰাও বচাই ৰাখে । ডায়েট কৰা লোকসকলেও চেনীৰ পৰিৱৰ্তে গুড় খায় ।

গুড়ৰ পৰা ৰসগোল্লা , বিভিন্ন পিঠা তৈয়াৰ কৰাৰ লগতে গুড়ৰ পায়সো ৰন্ধা হয় । গুড়ৰ এই উপকাৰী গুণৰ বাবে বৰ্তমান বজাৰত গুড়ৰ চাহিদা বেছি হোৱা দেখা গৈছে । শৰীৰ গৰম কৰি ৰখা ক্ষমতাৰ বাবে মানুহে শীতত চেনীৰ বিকল্প হিচাপে গুড় ব্যৱহাৰ কৰা দেখা যায় । এই সুযোগ গ্ৰহণ কৰি অধিকাংশ ব্যৱসায়ীয়ে গুড়ত বিভিন্ন দ্ৰব্য মিহলাই ভেজাল কৰি বজাৰত এৰি দিছে । তেনেক্ষেত্ৰত আপুনি বিশুদ্ধ গুড় কেনেকৈ চিনিব ?

১/ গুড়ৰ ৰং : যদি আপুনি কিনিব খোজা গুড়ৰ ৰং বাদামী হয় , তেন্তে আপুনি সেই গুড় কিনিব পাৰিব । যিহেতু ভেজাল গুড় পাতল হালধীয়া অথবা ৰঙা ৰঙৰ হয় । অৱশ্যে আজিকালি গুড়ত বাদামী ৰঙ আনিবলৈ বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা দেখা যায় । কিন্তু কিনাৰ আগতে এই কথা মন কৰিব যে , গুড়খিনি গাঢ় বাদামী ৰঙৰ হয়নে ? যদি নহয় , তেতিয়া সেই গুড় ক্ৰয় নকৰাই ভাল ।

স্বাদ : গুড়ৰ সোৱাদৰ পৰাও আপুনি শুদ্ধ গুড় চিনাক্ত কৰিব পাৰিব । যদি আপুনি কিনিব খোজা গুড় টুকুৰাৰ সোৱাদ সামান্য নিমখীয়া ধৰণৰ হয় , তেন্তে আপুনি সেই গুড় নিকিনাই ভাল । সাধাৰণতে খাটি গুড়ৰ সোৱাদ মিঠা হয় । অৰ্থাৎ মিঠাৰ বাদে অন্য সোৱাদ পালে , আপুনি বুজিব লাগিব যে , এই গুড় ভেজাল হয় ।

পানী দি পৰীক্ষা কৰক : সাধাৰণতে গুড় মিঠা কৰিবলৈ চেনী দিয়া হয় । গুড়ৰ শুদ্ধতা চিনি পাবলৈ এটুকুৰা গুড় পানীত দি দিয়ক । যদি গুড় টুকুৰা পানীত ওপঙি থাকে তেন্তে জানিব যে , এই গুড় বিশুদ্ধ আৰু যদি গুড় টুকুৰা ডুবি গৈছে , তেন্তে বুজিব যে গুড় টুকুৰাত অন্য দ্ৰব্য মিহলোৱা হৈছে ।

Exit mobile version