Orange : জানেনে কমলা বাকলিৰ এইসমূহ উপকাৰিতা

58527539

Orange :

শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানেৰে ভৰপূৰ ৷

(১) কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে ৷

(২) ছালৰ অতিৰিক্ত তেলখিনি শুহি লয় ৷

(৩) কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে ৷

(৪) বাকলিৰ মেগনেচিয়ামে ছালৰ সুস্বাস্থ্য আৰু যৌৱন ধৰি ৰাখে ৷

(৫) ভিটামিন চি–এ এক্নিৰ বিৰুদ্ধে যুঁজাত ছালক সহায় কৰে ৷

(৬) কমলাৰ বাকলিৰ গুডি এচামুচ, চেনিৰ গুডি এচামুচ, আধা চামুচ আমণ্ড অইল আৰু দুটোপাল ভিটামিন ই অইল মিহলাই ঘৰতে এটা উৎকৃষ্টমানৰ সুগন্ধিত লিপ বাম তৈয়াৰ কৰি লব পাৰে ৷

Exit mobile version