Rajasthan : মোদীৰ উদ্বোধন কৰা নতুন ৰে’ললাইনত বিস্ফোৰণ ,

Blast

Rajasthan :

উদয়পুৰৰ ৰে’ললাইন বিস্ফোৰণৰ ঘটনাৰ ৰাজস্থান আৰক্ষীৰ স’তে তদন্তত নামিল এনআইএ । দেওবাৰে নিশা বিস্ফোৰণটো সংঘটিত হয়। ক্ষতিগ্ৰস্ত হয় ৰেললাইনৰ কিছু অংশ ।

প্ৰাপ্ত তথ্য অনুসৰি স্থানীয় লোকে ৰে’লৱেক বিস্ফোৰণৰ বিষয়ে অৱগত কৰে । কিছু সময়ৰ পাছতেই, আছাৰৱা-উদয়পুৰ এক্সপ্ৰেছ সেই লাইনৰ মাজেৰে পাৰ হোৱাৰ কথা আছিল। তাৰ আগতেই ভয়ংকৰ বিস্ফোৰণ হয় । ইয়াৰ পাছত , উদয়-আহমেদাবাদ পথৰ সকলো ৰেল সেৱা বন্ধ কৰি দিয়া হয়।

ৰাজস্থান আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে উদয়পুৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত ওধা দলঙত এই বিস্ফোৰণ সংঘটিত হয়। পাছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ৰে’ললাইনৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

ঘটনাটোৰ পাছত, ৰে’ল লাইনটোত ৰে’ল চলিবলৈ বন্ধ কৰি দিয়া হয় । আৰক্ষীয়ে ঘটনাটোৰ তদন্তত নামিছে আৰু পাছত এন.আই.এ.-ক তদন্তৰ দায়িত্ব দিয়া হয়।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে খনিত ব্যৱহৃত ‘ চুপাৰপাৱাৰ ৯০’ বিস্ফোৰণত ব্যৱহাৰ কৰা হৈছে। স্থানীয় লোকে জনাই যে তেওঁলোকে দেওবাৰে নিশা এটা ডাঙৰ শব্দ শুনা পাই।

তেওঁলোকে ঘটনাটোৰ বিষয়ে ৰে’লসুৰক্ষা কৰ্মীসকলক অৱগত কৰে । খবৰটো পোৱাৰ পাছত, ফৰেনচিক আৰু সন্ত্ৰাসবাদ বিৰোধী দলৰ সদস্যসকল ঘটনাস্থলীত উপস্থিত হয় । এ টি এছ, এন আই এ আৰু আৰ পি এফৰ দ্বাৰা একেসময়তে তদন্ত আৰম্ভ কৰা হয় ।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘটনাটোৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছে। অৱশ্যে বিজেপিয়ে এই বিস্ফোৰণৰ বাবে মুখ্যমন্ত্ৰী গেহলটক দোষাৰোপ কৰে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজস্থান চৰকাৰৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ নতুন ব্ৰড-গজ ৰে’লপথ উদ্বোধন কৰে। তাৰ পাছত দেওবাৰে নিশা এই বিস্ফোৰণ।

Exit mobile version