Rice Water : ‘’ জীৱন চৰ্যা ‘’

গছৰ গুৰিত চাউল ধোৱা পানী ঢালিলে কি হয় জানেনে ?

0a1a9dc4 b545 46ca bceb 9ffad8bc9b9f

Rice Water :

প্ৰত্যেক ঘৰতে প্ৰতিদিনে ভাত ৰন্ধাৰ আগে চাউল ধোৱা হয় আৰু চাউলধোৱা পানী পেলাই দিয়া দেখা যায় । কিন্তু আমি নেজানো যে , এই পেলনীয়া চাউলধোৱা পানীৰ বহু উপকাৰী গুণ আছে ।

তেনেহলে এই চাউলধোৱা পানী আপুনি পেলাই নিদি কিদৰে ব্যৱহাৰ কৰিব পাৰিব ?

আপোনাৰ ঘৰত নিশ্চয় ফুলগছ আছে । গছজোপা সতেজ কৰি ৰাখিবলৈ আপুনি বিভিন্ন সাৰ , কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে । সমান্তৰালকৈ আপুনি যদি চাউলধোৱা পানী গছৰ গুৰিত দিয়ে তেন্তে গছজোপৰ শ্ৰীবৃদ্ধি ভাল হ’ব । গতিকে আজি আমি চাউলধোৱা পানীৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম ।

১/ চাউল ধোৱা পানীত গছৰ উপকাৰী বিভিন্ন উপাদান আছে । বিশেষকৈ চাউল ধোৱা পানীত ফচফৰাচ ৪৭ % আৰু পটাচিয়াম ৪১ % পৰিমাণত পোৱা যায় ।

২/ চাউল ধোৱা পানীত গছৰ বাবে অত্যন্ত উপকাৰী উপাদান কেলচিয়াম ২৫ % থাকে ।

৩/ ইয়াৰোপৰি ক’পাৰ ৪৭ % , জিংক ১১% , এমাইনো এচিড ৫ % আৰু ফাইবাৰ ৩০ % থাকে ।

চাউলধোৱা পানীত এই গুৰুত্বপূৰ্ণ উপদানখিনি থকাৰ বাবেই গছৰ গুৰিত দিলে ইয়াৰ গঠন আৰু ডাল-পাত সজীৱ হৈ থকাত সহায় হয় ।

গছৰ অন্যতম এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে নাইট্ৰজেন । চাউল ধোৱা পানীত নাইট্ৰজেন নাথাকিলেও ইয়াত থকা ষ্টাৰ্চয়ে কোনো গছ বৃদ্ধি হোৱাত সহায় কৰে । বিশেষকৈ চাউল ধোৱা পানীয়ে গছৰ ফুল-ফল অহাত সাংঘাটিকধৰণে সহায় কৰে ।
ষ্টাৰ্চ-এ মাটিত থকা বিভিন্ন ধৰণৰ উপকাৰী বেক্টেৰিয়া ধৰি ৰাখে ।

এই বেক্টেৰিয়াসমূহ এজোপা গছে গ্ৰহণ কৰিব নোৱাৰে । কিন্তু চাউল ধোৱা পানীত থকা ষ্টাৰ্চে গছজোপাৰ বাবে প্ৰয়োজন হোৱা এই উপাদান সহজেই প্ৰদান কৰিব পাৰে ।

অৱশ্যে বহুতেই চাউল দুই-তিনিবাৰ ধুৱে । তেতিয়া প্ৰথমবাৰ ধোৱা পানীহে গছৰ বাবে ব্যৱহাৰ কৰিব লাগে । ইয়াৰোপৰি ৮ ৰ পৰা ১০ ইঞ্চিৰ এটা টাবত ২০০ গ্ৰাম চাউল ধোৱা পানী ব্যৱহাৰ কৰিব লাগে আৰু যদি টাবটো ১২ ৰ পৰা ১৩ ইঞ্চিৰ হয় , তেন্তে ৩০০ গ্ৰাম ঢালিব লাগে । অন্তত দুমাহ ধৰি সপ্তাহত দুবাৰকৈ ঢালিব লাগে । এই ধৰণে প্ৰয়োগ কৰিলে বহু বেছি সোনকালে গছজোপা বৃদ্ধি হোৱাৰ লগতে গছৰ বিভিন্ন পৰিৱৰ্তন দেখিবলৈ পোৱা যাব ।

Exit mobile version