Turkey : তুৰস্কৰ ব্যস্ত ৰাস্তাত ভয়াৱহ বিস্ফোৰণৰ, মৃত অন্তত চাৰি , আহত বহু

turkey

Turkey :

তুৰস্কৰ (Turkey)ৰাজধানী ইস্তানবুলৰ (Istanbul) এটা ব্যস্ত ৰাস্তাত ধাৰাবাহে সংঘটিত বিস্ফোৰণত মৃত্যু হ’ল কমেও চাৰিজন লোক নিহত হৈছে ।

গুৰুতৰভাৱে আহত হৈছে অন্তত ৩৮ জন । অৱশ্যে, স্থানীয় প্ৰশাসনে অনুমান কৰিছে যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। ইতিমধ্যে বিস্ফোৰণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। স্থানীয় প্ৰশাসনে দ্ৰুত গতিত আহতসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি দেওবাৰে আবেলি প্ৰায় চাৰি বাজি ২০ মিনিটত (স্থানীয় সময় অনুসৰি) হঠাতে হোৱা বিস্ফোৰণে ইস্তামবুল কঁপাই তুলিছিল। চহৰখনৰ আটাইতকৈ ব্যস্ত ৰাস্তা ইষ্টিকলাল শ্বপিং ষ্ট্ৰীটত তেতিয়া মানুহৰ ভিৰ আছিল।

দেওবাৰে বন্ধৰ দিনত সাধাৰণতে এই ৰাস্তাৰ ভিৰ হয়। স্থানীয় বাসিন্দাসকলে বিস্ফোৰণৰ শব্দ শুনে। ধোঁৱাই চাৰিওফালৰ পৰিৱেশ আৱৰি ধৰে । জুই ওলোৱা দেখিবলৈ পাই স্থানীয় বাসিন্দাই ।

লগে লগে, প্ৰাণভয় দৌৰিবলৈ আৰম্ভ কৰে ৰাস্তাত উপস্থিত জনতাই । উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সকলো ঘটনাৰ একাধিক ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছে ।

তুৰ্কী কৰ্তৃপক্ষই জনোৱা অনুসৰি, দেওবাৰে আবেলি প্ৰায় ৪:২০ বজাত ইষ্টিকলাল ষ্ট্ৰীটত এই বিস্ফোৰণ সংঘটিত হয়। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, বিস্ফোৰণটোত চাৰিজন লোক নিহত হয়। কমেও ৩৮ জন লোক আহত হয়। “

অৱশ্যে, কোনে এই বিস্ফোৰণ সংঘটিত কৰিছিল সেয়া এতিয়াও জনা হোৱা নাই। ইস্তামবুল আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

বিস্ফোৰণৰ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে কঁপি উঠিছে প্ৰশাসন । বিস্ফোৰণ সম্পৰ্কীয় সকলো বাতৰি দেখুওৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২০১৫-২০১৬ বৰ্ষত, আইএছআইএছ উগ্ৰপন্থীৰ দ্বাৰা কে’বাটাও আক্ৰমণৰ ফলত তুৰস্ক বিধ্বস্ত হৈছিল। তুৰ্কী প্ৰশাসনে আচৰিত হৈছে যে সেই আতংক পুনৰ ঘূৰি আহিছে নেকি।

Exit mobile version