Actress Hemamalini : নলবাৰী ৰাস মহোৎসৱত কে’বালাখলোকৰ সমাগম

বলিউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী উপস্থিতিত উৎসাহিত ৰাসস্থলী

557debdc 5a75 4f87 a7e0 fcf76d69dfc9

Actress Hemamalini :

ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰি মন্দিৰৰ এঘাৰদিনীয়া ৰাসমহোৎসৱ অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই যোৱা নিশা উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী তথা ড্ৰিম গাৰ্ল খ্যাত হেমামালিনী।

এসময়ৰ দেশৰ চলচ্চিত্ৰ অনুৰাগীৰ মুখতে উচ্চাৰিত প্ৰৱীণ অভিনেত্ৰী গৰাকীক চাবলৈ সমাগম হয় প্ৰায় কে’বা লক্ষাধিক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰ বিপুল হৰ্সোল্লাসৰ মাজেৰে অভিনেত্ৰী গৰাকীক নলবাৰীৰ গনেশ মন্দিৰ চ’কৰ পৰা পুস্পসজ্জিত এখন বিলাসী ভিনটেজ বাহনত উঠাই প্ৰায় দুই কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি হৰিমন্দিৰ প্ৰাংগণলৈ আদৰি অনা হয় ৷

ৰাসস্থলীৰ মুলক্ষেত্ৰলৈ অহাৰ পিছত গণেশ মন্দিৰত ৰাসোৎসৱ উদযাপন সমিতিৰ সভপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু আন সদস্যবৰ্গই বলিউডৰ স্বনামধন্য অভিনেত্ৰী হেমামালিনীক শৰাই,জাপি,মুগা-পাটৰ চাদৰ- মেখেলা,কাহৰ শৰাই আৰু থলুৱা খাদ্য সামগ্ৰীৰ টোপোলাৰে উস্ম আদৰনী জনায় ৷ ইয়াৰ পিছত মথুৰাৰ সাংসদ গৰাকীয়ে হৰিমন্দিৰত সেৱা জনায় ৰাসোৎসৱৰ মুল মণ্ডপত প্ৰৱেশ কৰি শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ দ্বাৰা প্ৰযোজিত জীৱন্ত ৰাস উদ্বোধন কৰে৷
উদ্বোধনী ভাষণত প্ৰৱীণ সাংসদ গৰাকীয়ে কয়, মই ভগৱান শ্ৰীকৃষ্ণৰ ওপজাভূমি মথুৰা- বৃন্দাবনৰ সাংসদ৷ ৰামায়ণ- মহাভাৰতৰ যুগতে বৃন্দাবনত ভগৱন্ত শ্ৰীকৃষ্ণই ৰাসক্ৰীড়াত অংশ লৈ গোপীসকলৰ স’তে৷ মানৱ প্ৰেম আৰু আধ্যাত্মিক চিন্তাচৰ্চাৰে মনুস্যৰ মাজত এক ভক্তি ৰসৰ সৃষ্টি কৰি শ্ৰীকৃষ্ণৰ সেই ৰাসলীলাক নলবাৰীতো মৃন্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰাৰ যি প্ৰয়াস চলোৱা হৈছে তাৰ বাবে শলাগৰ পাত্ৰ হৰিমন্দিৰ পৰিচালনা সমিতি৷ সমিতিৰ পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ৰাস এক মানৱ প্ৰেমৰ অন্য এক নিৰ্দশন বুলি অভিহিত কৰে মথুৰাৰ সাংসদ গৰাকীয়ে ৷

উল্লেখ্য ৰাসোৎসৱৰ গাম্ভীৰ্যপূৰ্ণ অনুস্থানক প্ৰৱীণ অভিনেত্ৰীৰ স’তে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা সহ বহু কেই গৰাকী গণমাধ্য ব্যক্তি ৷

Exit mobile version