Amazon Layoff : বৃহৎ হাৰত ছাটাই কৰিব বহুজাতিক সংস্থা এমাজনে, শংকিত কর্মীচাৰী

1721780 amazon layoffs

Amazon Layoff :

টুইটাৰ, মেটাৰ পাছত এইবাৰ এমাজন । গণছাটাই কৰিব সংস্থাটোৱে । সংবাদসংস্থাত প্রকাশিত প্ৰতিবেদনত দাবী, বিগত কিছু মাহ ধৰি বৃহৎ লোকচানৰ সম্মুখীন হৈছে এমাজন । ফলত কর্তৃপক্ষ‌ই গণহাৰত কর্মচাৰী ছাটাইৰ সিদ্ধান্ত লৈছে ।

চলিত সপ্তাহৰ ভিতৰত ১০ হেজাৰৰো অধিক কর্মচাৰীয়ে এমাজনৰ পৰা বিদায় ল’বলগীয়া হ’ব পাৰে, দাবী সূত্রৰ । কেৱল কর্মচাৰী ছাটায়ে নহয়, একাধিক ক্ষেত্রত এমাজনে ব্যয়ো হ্ৰাস কৰিব ।

বিশ্বজুৰি এমাজনত প্রায় ১৬ লাখ লোকে চাকৰি কৰে । এমাজনৰ পৰা যদি সঁচাকৈ ১০ হেজাৰ কর্মচাৰী ছাটাই কৰা হয়, তেন্তে সংস্থাৰ ইতিহাসত এয়া হ’ব সৰ্ববৃহৎ গণছাটাই ।

সূত্রৰ খবৰ, এমাজনৰ এই গণছাটাই প্রক্রিয়াত আৰম্ভণিতেই প্ৰভাৱ পৰিব পাৰে ‘এলেক্সা ভ‌ইচ এছিষ্টেন্ট’-ৰ দৰে যন্ত্র ভিত্তিক বিভাগসমূহত । তথ্য অনুসৰি, বিগত কিছু মাহত এমাজনৰ কিছু অলাভজনক বিভাগৰ কর্মচাৰীসকলক সংস্থাৰ তৰফৰ পৰা ইংগিত দিয়া হৈছে । সংস্থাৰ ভিতৰতেই অন্য বিভাগত সুযোগ বিচৰাৰ ‘পৰামর্শ’ দিয়া হৈছে কিছু কর্মচাৰীক ।

উল্লেখ্য যে, ক’ভিড অতিমাৰীৰ সময়ত এমাজনৰ দৰে অনলাইন ক্ৰয়-বিক্ৰয়ৰ সংস্থাসমূহৰ দিশে আকৰ্ষিত হৈছিল জনসাধাৰণ । ফলত তেওঁলোকৰ ব্যৱসায় লাভজনক হৈছিল । কিন্তু লাহে লাহে পুনৰ অতিমাৰী-পূর্বৱর্তী পর্যায়ত ঘূৰি আহিছে বিশ্ব । এমাজনত ক্ৰয়-বিক্ৰয়ৰ হাৰ সেয়ে তুলনামূলকভাৱে কমিছে ।

বিগত সপ্তাহত গণছাটাই কৰিছে টুইটাৰে । ইলন মাস্কৰ মালিকীস্বত্বত সংস্থাৰ প্রায় ৫০ শতাংশ কর্মচাৰীয়ে চাকৰি হেৰুৱাইছে নিমিষতে । ইয়াৰ পাছতে বৃহৎ সংখ্যক কর্মচাৰী ছাটাই কৰা হৈছে ফেচবুকৰ মূল সংস্থা মেটাৰ পৰাও । একেই পথ অৱলম্বন কৰিছে এমাজনেও, দাবী সূত্রৰ ।

Exit mobile version