Benefits of Carrot : আপোনাৰ মুখত বয়সৰ চাপ পৰিছে নেকি ? যৌৱন ধৰি ৰখাত মেজিকৰ দৰে কাম কৰে এইবিধ উপাদানে

e5449048 0838 4984 980c 8529f00d853d

Benefits of Carrot :

অকালতে আপোনাৰ মুখত বয়সৰ চাপ পৰিলে, আপুনি দৈনিক গাজৰৰ ৰস সেৱন কৰক । গাজৰৰ ৰসে কেৱল যৌৱন ধৰি ৰখাই নহয় সমান্তৰালকৈ দৃষ্টি শক্তিও ধৰি ৰখাত সহায় কৰে । ছালৰ ৰুক্ষতা ৰোধ কৰাত গাজৰৰ ৰস খুবেই উপকাৰী । গাজৰত থকা বিটা কেৰ’টিনে ছাল মসৃন আৰু কোমল কৰি ৰাখে ।

বিশেষকৈ লিভাৰ সুস্থ কৰি ৰখাতো গাজৰে সহায় কৰে । গাজৰত থকা বিটা কেৰ’টিনে লিভাৰৰ কোষ শক্তিশালী কৰি ৰখাত সহায় কৰে । গাজৰত থকা বিটা কেৰ’টিনৰ অক্সিডেণ্টেত ফ্ৰি ৰেডিকেল তথা ইউভি ৰশ্মিৰ প্ৰভাৱ থকা কাৰণে লিভাৰৰ উৎকৃষ্ট উপাদান ৰূপে পৰিগণিত হৈছে ।

আচলতে গাজৰ আমি চালাদ কৰিও খাব পাৰো যদিও গাজৰৰ ৰস উলিয়াই খাব পাৰিলে বেছি ভাল । ৰাতিপুৱা অন্যান্য ফলৰ ৰস খোৱাৰ দৰে গাজৰ টুকুৰা-টুকুৰকৈ কাটি মিক্সিত মাৰি ৰস উলিয়াই খোৱাৰ অভ্যাস কৰক । দৈনিক খাব পাৰিলে খুব কম দিনতে আপোনাৰ মুখৰ বলি ৰেখা নোহোৱা হোৱাৰ লগতে বাৰ্ধক্যৰ চাপো নাইকীয়া হ’ব ।

গেছৰ সমস্যা থকা লোকে গাজৰৰ চালাদ কৰি খালে অসুবিধা হোৱা দেখা যায় । কিন্তু এইধৰণে অৰ্থাৎ ৰস উলিয়াই খালে এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত যুগুত কৰা হৈছে । কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version