Coronavirus Update : বিগত আঢ়ৈ বছৰত সৰ্বনিম্ন দেশৰ দৈনিক ক’ভিড সংক্ৰমণ

Corona Test

Coronavirus Update :

মহামাৰীৰ পৰা মুক্তিৰ অন্তিম পৰ্যায়ত দেশ । ক’ভিড-১৯ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাইছে। মঙলবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কৰ’না ৰ পৰিসংখ্যা অনুসৰি, দৈনিক সংক্ৰমণ ৫৫০ তকৈ কম।

যিটো এপ্ৰিল ২০২০ ৰ পাছত সৰ্বনিম্ন বুলি দাবী কৰা হৈছে। এই পৰিসংখ্যাবোৰ নিঃসন্দেহে এটা ডাঙৰ সকাহ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত ক’ভিডত ৫৪৭ জন লোক আক্ৰান্ত হৈছে । এতিয়ালৈকে, মুঠ আক্ৰান্তৰ সংখ্যা ৪,৪৬,৬৬,৯২৪ লৈ বৃদ্ধি হৈছে। হ্ৰাস হৈছে সক্ৰিয় আক্ৰান্তৰ সংখ্যা ।

যোৱা সাত দিনৰ পজিটিভিটিৰ হাৰ অনুসৰি, মুঠ আক্ৰান্তৰ ০.৬ শতাংশতকৈ কম। ইফালে, এই বছৰৰ আছিয়ান সন্মিলন আয়োজন কৰাৰ পাছত কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন সেন কৰ’নাত আক্ৰান্ত হৈছে। বহুতো ৰাষ্ট্ৰপ্ৰধানে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে।

তেওঁলোকৰ মাজতো সংক্ৰমণ বিয়পোৱাৰ সম্ভাৱনা আছে। তেওঁলোকক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Exit mobile version