GMC : মহানগৰীত শীৰ্ঘেই জব্দ হ’ব মটৰ সংযোগী তিনিচুকীয়া ৰিক্সা !

WhatsApp Image 2022 11 15 at 20.40.58

GMC :

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে মটৰ সংযোগী ৰিক্সা  ৷ এই ৰিক্সাসমূহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰি আহিছে অত্যাধিক ভাড়া ৷ ৰিক্সাত মটৰ সংযোগ থকাৰ বাবেই যাত্ৰীক বেছি ভাড়া দাবী কৰাটো মহানগৰীৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

শেহতীয়াকৈ বিভিন্ন সময়ত উদ্থাপিত হৈ থকা অভিযোগৰ ভিত্তিত মহানগৰীত চলাচল কৰি থকা মটৰ সংযোগী ৰিক্সাৰ ওপৰত কঠোৰ স্থিতি লোৱাৰ হুংকাৰ পৌৰ নিগমৰ ৷ মটৰ সংযোগী ৰিক্সা বেআইনী বুলি ঘোষণা জি এম চিৰ ৷ শীৰ্ঘেই জব্দ কৰা হ’ব মটৰ চালিত ৰিক্সা ৷ লগতে ৰিক্সা চালকে ভৰিব বৃহৎ পৰিমাণৰ জৰিমনা ৷

আনহাতে মটৰ বিহীনভাৱে পেডেল মাৰিহে চলাব পাৰিব ৰিক্সা ৷ প্ৰতিখন ৰিক্সা পৌৰনিগমৰ পঞ্জীভূক্ত হোৱাটো বাঞ্ছনীয়ৰ লগতে ৰিক্সাত লগাব লাগিব জি এম চিৰ পৰিচয় পত্ৰ ৷

এই কথা ঘোষণা কৰে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷

Exit mobile version