Pathsala : পাঠশালাত নিৰ্মাণ হ’ব ৰাস মন্দিৰ : মুখ্যমন্ত্ৰী

WhatsApp Image 2022 11 15 at 19.47.56

Pathsala :

৪৭তম বৰ্ষৰ ৰাস উদযাপন কৰা পাঠশালাৰ ভগৱতী ক্ষেত্ৰত সোণালী জয়ন্তী বৰ্ষৰ পূৰ্বে সম্পূৰ্ণ হ’ব পাঠশালাৰ ৰাস মন্দিৰ নিৰ্মাণ । ইতিমধ্যে দুই কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ ৰাস মন্দিৰ নিৰ্মাণ কৰা পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ আধা ব্যয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু মই বহন কৰিম । পাঠশালাত আজি ৰাস মহোৎসৱ থলীত উপস্থিত হৈ এনেদৰে ৰাইজৰ আগত মঞ্চত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাস মন্দিৰ নিৰ্মাণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাঠশালাত বহু সফল উদ্যোগপতি আছে আৰু তেওঁলোকৰো সহায় লৈ সোণালী জয়ন্তী বৰ্ষৰ পূৰ্বে ৰাস মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব । আজি মুখ্যমন্ত্ৰীগৰাকীয়ে পাঠশালাত উপস্থিত হোৱাৰ লগে লগে পাঠশালাৰ নগৰ চাৰিআলিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক উদ্যোক্তাই আদৰি আনে ।

মুখ্যমন্ত্ৰীৰ স’তে উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে মুকলি সভাত । পাঠশালা ৰাস সমিতিৰ সদস্য কিশোৰী পাটগিৰিয়ে আঁত ধৰা মুকলি সভাত বক্তব্য ৰাখে সভাপতি ভূপেন্দ্ৰ নাথ শৰ্মাই ।

সম্পূৰ্ণ আধ্যাত্মিকভাৱে ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই । উক্ত সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে পাটাছাৰকুছিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ ভূয়সী প্ৰশংসা কৰে আৰু এই নেতাৰ হাত ধৰি বজালীৰ সৰ্বাংগীন বিকাশ সাধন কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পাঠশালা আৰক্ষী চকী থানালৈ ৰূপান্তৰিত কৰা হৈছে বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version