Twin Banana Myth : যুগ্ম কল খালে যমজ সন্তান জন্ম হোৱা ধাৰণাৰ বিষয়ে জানিবলৈ পঢ়ক

fcc3a3af 4d9f 4aaf a06e b33e1594aa79

Twin Banana Myth :

আমাৰ সমাজত প্ৰচলিত এটা ধাৰণা আছে যে, যুগ্ম কল খালে যমজ সন্তান জন্ম হয় । কিন্তু এই চিন্তাৰ কিবা বৈজ্ঞানিক যুক্তি আছেনে ?

এই সন্দৰ্ডত আমি প্ৰকৃত কাৰণ জানিবলৈকে আজি এই প্ৰতিবেদনটো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে । সাধাৰণতে আমাৰ মহিলা সকলক যুগ্ম হৈ থকা কল খাবলৈ বাধা দিয়া দেখা যায় ।

আচলতে ই এক কুসংস্কাৰ নে ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে ,এইবিষয়ে বৈজ্ঞানিক সকলে ই এটা ভিত্তিহীন ধাৰণা বুলি অভিহিত কৰিছে ।

কিয় যমজ সন্তান জন্ম হয় : সাধাৰণতে যমজ সন্তান দুটা কাৰণত হয় । আইডেন্টিকেল আৰু নন-আইডেন্টিকেল । চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় মনোজাইগোটিক তথা ডাইজাইগোটিক । সাধাৰণতে এগৰাকী মহিলাৰ শৰীৰত এটা ডিম্বাণু থাকে যি এটা শুক্ৰাণুৰ সৈতে মিলিত হৈ ভ্ৰুণৰ সৃষ্টি কৰে । কিন্তু কেতিয়াবা ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ সময়ত দুটা ভ্ৰুণ সৃষ্টি হৈ দুটা সন্তান তৈয়াৰ হয় ।

মনোজাইগোটিক : মনোজাইগোটিকত একেই ডিমৰ পৰা প্ৰস্তুত হয় আৰু প্লেচেন্টাও একে হয় । এনে পৰ্যায়ত দুটা কোষৰ পৰা দুটি ভ্ৰুণ সৃষ্টি হয় । এই দুটি ভ্ৰুণ দেখাত একে হোৱাৰ লগতে তেওঁলোকৰ ডি এন এও একে হোৱা দেখা যায় । কিন্তু তেওঁলোকৰ আঙুলিৰ চাপ বেলেগ হোৱা দেখা যায় । অৰ্থাৎ এইধৰণৰ শিশুক মনোজাইগোটিক যমজ বুলি অভিহিত কৰা হয় ।

ডাইজাইগোটিক : কেতিয়াবা আকৌ এগৰাকী মহিলাৰ শৰীৰত দুটা ডিম্বাণুৰ তৈয়াৰ হয় । যিটোৰ মিলন হ’বলৈ দুটা ডিম্বাণুৰ প্ৰয়োজন হয় । ফলত দুটা পৃথক ভ্ৰুণ সৃষ্টি হয় । এনে অৱস্থাত জন্ম হোৱা শিশুৰ নিজৰ প্লেচেন্টা থাকে ।

অৰ্থাৎ ওপৰোক্ত আলোচনাৰ পৰা এইকথা স্পষ্ট হ’ল যে, জোড়ালগা কল , জোড়ালগা পিয়াঁজ বা জোড়ালগা আলু খালে যমজ সন্তান হোৱাৰ যি ধাৰণা ,ই সম্পূৰ্ণ ভুল । এনে সমস্যাৰ উদ্ভৱ হ’লে চিকিৎসকৰ সহায়হে ল’ব লাগে ।

Exit mobile version