Volleyball : ভলীবল খেলাৰ সুফল

NCAA VB Finals NU vs Texas SB 6980

Nebraska setter Kelly Hunter #3 Championship vs Texas NCAA Women's Volleyball Championship Nebraska Volleyball Omaha, Nebraska Game Start Time: 7 PM Game Date December 19, 2015 Photo by Scott Bruhn/NU Communications

Volleyball :

আমাৰ অসমত এসময়ত ভলীবল খেলৰ প্ৰচুৰ জনপ্ৰিয়তা আছিল। এতিয়াও গাঁৱে-ভূঁয়ে ভলীবল খেলা হয় যদিও আগৰ তুলনাত পৰিমাণ যথেষ্ট হ্রাস পাইছে। অৱশ্যে বিশ্বত ভলীবল খেলৰ জনপ্ৰিয়তা এতিয়াও অটুট আছে।

বিশ্বৰ অন্যান্য দেশত পেছাদাৰী ভলীবল খেল হয়। সেইদৰে একাংশ দেশত ভলীবলৰ এক বিশেষ সংস্কৰণ বীচ্চ ভলীবলৰ জনপ্ৰিয়তাও বহুলাংশে বৃদ্ধি পাইছে। মনত ৰখা ভাল যে প্রত্যেক ক্রীড়াই মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী। তাৰ লগতে খেলত সফল হোৱাৰ বাবে ক্রীড়াবিদে বিভিন্ন ব্যায়াম কৰাৰ ফলত শৰীৰো সুস্থ হৈ থাকে।

কিন্তু ভলীবল, ফুটবল আদি খেলৰ বিশেষত্ব হৈছে, এইবোৰ খেল মনোৰঞ্জন বা পেছাগত দিশৰ উপৰি স্বাস্থ্যৰক্ষাৰ বাবেও খেলিব পাৰি। ভলীবল খেলৰ অনেক স্বাস্থ্যগত উপকাৰিতা আছে। নিয়মিতৰূপে ভলীবল খেলিলে যিদৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেইদৰে সুস্বাস্থ্য ধৰি ৰখাটো সাহায্য কৰে। ভলীবলৰ কেতবোৰ উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

*কেলৰি নাশ কৰাত ভলীবলৰ তুলনা নাই। এই খেলাই আপোনাক যিদৰে সতেজ কৰি ৰাখিব, সেইদৰে অতিৰিক্ত মেদ হ্রাস কৰাতো সাহায্য কৰিব। মাত্র ৩০ মিনিট সময় ভলীবল খেলিলে ১২০ৰ পৰা ১৭৮ কেলৰি পর্যন্ত নাশ হ’ব পাৰে। পেশী আৰু মাংসৰ চৰ্বিৰ স’তে ইতিবাচক সংযোগ অটুট ৰখাত সহায় কৰে।

*হাতেৰে মাৰি বলটো নেটৰ আনটো দিশলৈ পঠিয়াবলৈ শৰীৰৰ ওপৰৰ অংশত যথেষ্ট জোৰ থকা প্রয়োজন। ভলীবল খেলিলে হাত, কান্ধৰ পেশী কঠিন হয়। লগতে শক্তিশালী হয় শৰীৰৰ নিম্নাংশৰ পেশী। পদ সঞ্চালনো উন্নত হয়।

*নিয়মিতৰূপে ভলীবল খেলিলে হাত আৰু চকুৰ মাজত সংযোগ অধিক বৃদ্ধি পাব। বলটো কোন স্থানত আছে সেয়া চকুৰে নিৰীক্ষণত ৰখাৰ সমান্তৰালকৈ আপুনি হাতেৰে বলটো মৰাৰো অভ্যাস কৰিব লাগিব।

*শাৰীৰিক সক্ষমতাৰ সমানে ভলীবল খেলিলে মানসিক সুস্থতাও বাঢ়ে। ভলীবলে শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি মন ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰি আত্মবিশ্বাস আৰু মনঃসংযোগ ক্ষমতা ভলীবলে উন্নত কৰে।

Exit mobile version