World Population : ৪৮ বছৰত দুগুণ ! আঠশ কোটি অতিক্ৰম কৰিলে পৃথিৱীৰ জনসংখ্যা

আগন্তুক বছৰত চীনক পিছ পেলোৱাৰ সম্ভাৱনা ভাৰতৰ

b1sb5aa8 crowd generic population generic

World Population :

বিশ্বত জন-বিস্ফোৰণ । আজি (১৫ নৱেম্বৰ) আঠশ কোটি অতিক্ৰম কৰিলে বিশ্বৰ জনসংখ্যাই । ৰাষ্ট্ৰসংঘৰ তথ্য প্ৰকাশ । বিশ্বৰ আঠশ কোটি তম ব্যক্তি এটি পুত্রসন্তান । তেওঁলোকে আৰু জনাইছে, মাত্র ৪৮ বছৰত দুগুণ হৈছে পৃথিৱীৰ জনসংখ্যা ! ১৯৭৪ত চাৰিশ কোটি জনসংখ্যা আছিল পৃথিৱীত । ৫০ বছৰ হোৱাৰ আগতেই দ্বিগুণ হ’ল জনসংখ্যা ।

লগতে বিভিন্ন সমীক্ষা আৰু পর্যৱেক্ষণৰ ইংগিত, আগন্তুক বছৰত জনসংখ্যাৰ ভিত্তিত চীনক পিছ পেলাব পাৰে ভাৰতে । ২০২৩ত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হ’ব পাৰে ভাৰত । ৰাষ্ট্ৰসংঘৰ ৱর্ল্ড পপুলেছন প্রছপেক্টছতো জনাইছে সেই কথা । প্রসংগত, সম্প্ৰতি চীন আৰু ভাৰতৰ জনসংখ্যা যথাক্রমে ১৪২.৬ ও ১৪১.৭ কোটি ।

জনসংখ্যা বৃদ্ধিৰ হাৰ প্রবলভাৱে বিগত কিছু দশকত বৃদ্ধি পালেও এইবাৰ সেই গতি স্থিমিত হ’ব বুলি ইংগিত পোৱা গৈছে বিভিন্ন সমীক্ষাত । পর্যৱেক্ষণত প্রকাশ, এইবাৰ কমিব জন্মহাৰ । অৱশ্যে ২১০০ হোৱাৰ বহু পূৰ্বে বিশ্বত হেজাৰ কোটি লোক হ’ব । লগতে ইংগিত, পৃথিৱীত আৰু এশ কোটি লোক বৃদ্ধি হ’বলৈ আৰু ১৫ বছৰ লাগিব পাৰে । ২০৩৭ত পৃথিৱীৰ জনসংখ্যা ৯০০ কোটিৰো অধিক হ’ব পাৰে ।

পর্যবেক্ষণত প্ৰকাশ, মাজভাগত জন্মহাৰ অধিক আৰু মৃত্যুহাৰ কিছু কম আছিল । আগন্তুক বছৰবোৰত মৃত্যুহাৰত সিমান পাৰ্থক্য নাথাকিলেও জন্মহাৰ কমাৰ ফলতেই পৃথিৱীত মানুহৰ সংখ্যা এটা নির্দিষ্ট হাৰত বৃদ্ধিৰ সম্ভাৱনা । অৱশ্যে দ্রুত জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিৰ ফলত পৃথিৱীত মানুহৰ গড় বয়সৰ অংক‌ও বাঢ়িছে । ১৯৭৪ত যি ২০-ৰ ওচৰা-ওচৰি আছিল সম্প্ৰতি সেয়া ৩০-ৰ আশে-পাশে হৈছে ।

https://twitter.com/ByChanchi/status/1592388314761687041?s=20&t=n61FGn9_YS_XkPBhUwC1Rw

সমীক্ষা আৰু পর্যৱেক্ষণৰ ইংগিত, ২০৮৬ত বিশ্বৰ জনসংখ্যা হ’ব পাৰে প্ৰায় ১০৫০ কোটি ‌।

Exit mobile version