Cabinet Decision: ৰাজ্যৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আৰক্ষী থানা সমূহত নতুনকৈ গঠন হ'ব থানা কমিটি

WhatsApp Image 2022 11 16 at 21.22.02

Cabinet Decision:

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে এক সংবাদমেলত সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

সেই অনুসৰি ৰাজ্যৰ থানা সমূহত নতুনকৈ থানা কমিটি গঠনৰ সিদ্ধান্ত লোৱা হয়। একেদৰে থানা কমিটিৰ সভাপতি জনক নিযুক্তি দিব ৰাজ্য চৰকাৰে ৷ কমিটিৰ খনৰ পৰিগাঁঠনি অনুসৰি ছজন সদস্য মনোনোয়ন কৰা হ’ব।

উল্লেখ্য যে ৰাইজ আৰু আৰক্ষীৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপনৰ বাবে চৰকাৰে এই সিদ্ধান্ত লয় বুলি সদৰি কৰে মন্ত্ৰীজনে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্বাচিত প্ৰতিনিধিয়ে মাহিলী পাৰিতোষিক নিয়মীয়াকৈ নোপোৱাৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে আজিৰ কেবিনেটে মাহিলি পাৰিতোষিক প্ৰতিমাহৰ ১০ তাৰিখে পাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা ছিনিয়ৰ গ্ৰেড ১ৰ ৭২গৰাকী কৰ্মচাৰীক গ্ৰেড ২লৈ পদোন্নতি দিয়া হ’ব।

মন্ত্ৰী গৰাকীয়ে সংবাদমেলত দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া লাচিত দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত কেবিনেট বৈঠকত বিস্তাৰিতভাৱে আলোচনা হোৱাৰ কথা সদৰি কৰে ৷

Exit mobile version