Mizoram Stone Quarry Collapse:মিজোৰামত পাহাৰ খহি সলিলসমাধি ঘটা

মৃতকৰ সংখ্যা বৃদ্ধি এঘাৰজনলৈ

WhatsApp Image 2022 11 16 at 19.11.12

Mizoram Stone Quarry Collapse

চুবুৰীয়া ৰাজ্য মিজোৰামৰ হনাথিয়েল জিলাৰ মৌদাৰগাঁৱত খহি পৰা শিলৰ কুৱৰীৰ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ হৈছে ইটোৰ পিছত সিটোকৈ মৃতদেহ ৷

আজি উদ্ধাৰ কৰা হয় তিনিটাকৈ মৃতদেহ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা বৃদ্ধি পালে এঘাৰতালৈ ৷ এতিয়াও আৰু এজন সন্ধানহীন হৈ আছে বুলি প্ৰকাশ কৰে হনাথিয়েল জিলা প্ৰশাসনৰ এজন মুখপাত্ৰই ।

ADVERTISEMENT

 ঘটনাটোৰ সংঘটিত হোৱাৰ পিছৰে পৰা এএছ ডি আৰ এফ আৰু এন ডি আৰ এফ বিএছএফ, অসম ৰাইফলছ, এনডিআৰএফ, মিজোৰাম আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে নিখোজ হৈ থকা শ্ৰমিকৰ সন্ধানত ।

উল্লেখ্য যে পাহাৰ খনন চলাই থাকোতেই শিলৰ কুৱেৰী খহি পৰাৰ ফলত কৰ্মৰত হৈ থকা বহু কেইজন প্ৰৱজনকাৰী শ্ৰমিক সমাধিস্থ হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় প্ৰশাসনে ৷ মঙলবাৰে ধ্বংসাৱশেষৰ মাজৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰে আঠজনকৈ শ্ৰমিকৰ মৃতদেহ ৷

Exit mobile version