Warm Water : দৈনিক খাওক কুহুমীয়া পানী, ইয়াৰ আছে চমৎকাৰি উপকাৰিতা

vb 1 1663674509

Warm Water :

* নিদ্ৰা ভাল কৰাত কুহুমীয়া পানীয়ে সহায় কৰে। ৰাতি শোৱাৰ পূৰ্বে কুহুমীয়া পানী খালে স্নায়ুসমূহে আৰাম পায়। ফলত গভীৰ নিদ্ৰা আহে।

*বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া হ্ৰাস কৰে: পৃথিৱীত হয়তো এনে কোনো মানুহ নাই, যি সোনকালে বুঢ়া হ’ব বিচাৰে। সেয়ে পুৱা শুই উঠিয়ে কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰক। শৰীৰত জমা হোৱা টক্সিনৰ বাবে বয়স বঢ়াৰ প্ৰক্ৰিয়া দ্ৰুত হয়। কুহুমীয়া পানীয়ে শৰীৰৰ সেই টক্সিন বাহিৰ উলিয়াই দিয়ে। তদুপৰি, ছালৰ কোষক মেৰামতি কৰি ছালৰ স্থিতিস্থাপকতা বঢ়ায়।

*কুহুমীয়া পানীয়ে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে। ফলত শৰীৰৰ মেটাবলিজমৰ গতি বাঢ়ে। ফলত কেলৰী হ্ৰাস কৰাৰ ক্ষমতা বাঢ়ে। পুৱা নেমুৰস মিহলোৱা কুহুমীয়া পানীয়ে শৰীৰৰ ‘বডী ফেট’ কমোৱাৰ প্ৰক্ৰিয়া বৃদ্ধি কৰে।

*মাহেকীয়াৰ সময়ত পেটৰ বিষ কম কৰে কুহুমীয়া পানীয়ে। কুহুমীয়া পানীয়ে পেটৰ মাংসপেশীক আৰাম দিয়ে।

* কোষ্ঠকাঠিন্য নিৰাময়ত কুহুমীয়া পানীয়ে সহায় কৰে। আচলতে কোষ্ঠকাঠিন্য হোৱাটোৱেই শৰীৰত পানীৰ অভাৱক ইংগিত কৰে। পুৱা কুহুমীয়া পানীৰ সেৱনে পেট চাফা কৰে।

Exit mobile version