B.baruah Cancer Institute :বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটত অঘটন !

চিকিৎসা- নাৰ্ছৰ গাফিলতিৰ বাবে কৰুণ মৃত্যুৰ সাৱটিলে কৰ্কট ৰোগীয়ে

WhatsApp Image 2022 11 17 at 14.13.52

B.baruah Cancer Institute :
মহানগৰীৰ আৰ্যনগৰস্থিত বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটত নিশা সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ চিকিৎসক আৰু নাৰ্ছ চৰম গাফিলতিৰ বাবেই মহানগৰীৰ জু-ৰোড বাসিন্দা অণিমা দাস নামৰ কেঞ্চাৰ ৰোগী গৰাকীৰ মৃত্যুৰ হোৱাৰ অভিযোগ উদ্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে অণিমা দাসক চিকিৎসালয় খনত থকা অৱস্থাত কে’বা ঘন্টা সময় ধৰি বিনা চিকিৎসাই ৰখাৰ অভিযোগ কৰে আত্মীয়ই ৷ আনকি চিকিৎসাৰ বাবে চিকিৎসক আৰু নাৰ্ছক বাৰম্বাৰ কোৱাৰ পিছতো কোনো গুৰুত্বআৰোপ কৰা নাছিল ৷

আনকি চিকিৎসাৰ বাবে কাতৰ অনুৰোধকে আওকাণ কৰি উলোতাই ৰোগীৰ আত্মীয়কহে কটু বাক্যবান নিক্ষেপ কৰে ৷ একেদৰে মহিলা ৰোগী গৰাকীৰ বাবে প্ৰয়োজনীয় দৰৱ আনি দিয়াৰ পিছতো সেই ঔষধ ব্যৱহাৰ কৰা নাছিল চিকিৎসক- নাৰ্ছে ৷

যাৰবাবে বিনা চিকিৎসাই কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয় কেঞ্চাৰ ৰোগী গৰাকীয়ে৷ এই ধৰণৰ বহু অভিযোগ উদ্থাপন কৰে মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ৷

Exit mobile version