Bollywood Star :
বলীউড তাৰকা লক্ষ্যস্থান এতিয়া অসম ৷ইজনৰ পিছত সিজনকৈ তাৰকাৰ আগমন ঘটিছে অসমলৈ ৷ যোৱা পষেকটোত মোহময়ী অভিনত্ৰী কংকনা ৰাণাৱটে গুৱাহাটী পাশ্বৱৰ্তী অঞ্চল আৰু কাজিৰঙা পৰিভ্ৰমণ কৰাৰ পিছত বুধবাৰে তেজপুৰৰ বায়ু সেনা ঘাটিত উপস্থিত হয় অভিনেতা ঋতিক ৰোশ্বন ৷
ADVERTISEMENT
উল্লেখ্য যে বহুচৰ্চিত ‘ফাইটাৰ’ ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে বলীউডৰ তাৰকা দুগৰাকী। ইতিমধ্যে দুদিনধৰি উষা নগৰীত বাহৰ পাতি আছে জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোছন। তিনিও গৰাকী তাৰকাই ‘ফাইটাৰ’ চলচিত্ৰ খনৰ বাবে কেইবাদিনো ধৰি তেজপুৰত অংশ ল’ব শ্বুটিংত।