Mob Lynching : মন্দিৰত চুৰিৰ অভিযোগ

WhatsApp Image 2022 11 17 at 19.50.53

Mob Lynching :

মন্দিৰত চুৰিৰ অভিযোগত তামিলনাডুৰ পুডুকোট্টাইত প্ৰহাৰ কৰি হত্যা কৰে এগৰাকী ১০ বছৰীয়া কিশোৰীক। ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে মৃতকৰ পৰিয়ালৰ আন পাঁচজন সদস্য ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, গাওঁবাসীয়ে দাবী কৰিছে যে অভিযুক্তৰ পৰিয়ালৰ ছয়জন সদস্যই বুধবাৰে নিশা পুডুকোট্টাই জিলাৰ কিল্লানুৰ গাঁৱৰ ওচৰৰ এটা পথৰ কাষৰ মন্দিৰত প্ৰৱেশ কৰি চুৰি কৰে।

তেওঁলোকে জনাই যে বৃহস্পতিবাৰে পুৱতি নিশা অট’ৰিক্সাত পলাই যোৱাৰ সময়ত কিছুমান স্থানীয় বাসিন্দাই তেওঁলোকক মটৰচাইকেলত খেদি উদ্ধাৰ কৰে ।

ঘটনাটোৰ খবৰ পোৱাৰ পাছত বহুতো গাওঁবাসী একত্ৰিত হয়। উন্মত্ত জনতাই প্ৰহাৰ কৰে অভিযুক্তক।

গণপ্ৰহাৰৰ ঘটনাৰ এটা ভিডিঅ’ ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰে। ভিডিঅ’ত দেখা গৈছে যে কিছুমান মটৰচাইকেল আৰোহীয়ে এখন অট’ৰিক্সা খেদি গৈ আছে আৰু শেষত ৰখাই দিয়ে।

তাৰ পাছত, ৰিক্সাখনৰ পৰা অভিযুক্ত সকলক টানি নমাই অনা হয় । আৰম্ভ হয় গণ প্ৰহাৰ । গণ প্ৰহাৰৰ খবৰ পোৱাৰ পাছত, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যায়।

কিশোৰী গৰাকীয়ে তাত মৃত্যুবৰণ কৰে । অভিযুক্ত পৰিয়ালটো কুড্ডালোৰ জিলাৰ বাসিন্দা। কিশোৰীগৰাকীৰ হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰে ।

Exit mobile version