Fifa World Cup :সমাগত বিশ্বকাপ ফুটবল,মেছি ,ৰোণাল্ডোৰ শেষ সুযোগ

মূৰ তুলি যাব খোজে দুয়ো তাৰকা

WhatsApp Image 2022 11 18 at 18.46.41

Fifa World Cup :

এইবাৰৰ কাটাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা মেছি আৰু ৰোণাল্ডোৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । দুয়োজন তাৰকা ফুটবলাৰৰ বাবে এইয়াই হৈছে শেষ সুযোগ । বিশ্বকাপ দখললৈ আহক বা নাহক দুয়ো কিংবদন্তী খেলুৱৈ কিন্তু মূৰ তুলি বিদায় দিব খুজিছে শেষ বিশ্বকাপ।

দেওবাৰৰ পৰা আৰম্ভ হ’ব কাটাৰ বিশ্বকাপ ফুটবল ২০২২ । মাত্ৰ কেইঘন্টামান বাকী থকা সময়ত ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি এতিয়া দুই তাৰকা খেলুৱৈৰ ওপৰত । এইকথাই দুয়োৰে ওপৰত চাপ বৃদ্ধি কৰা দেখা গৈছে । এই বিষয়ক কেন্দ্ৰ কৰিয়েই এই কাটাৰ বিশ্বকাপ এতিয়া সবাতোকৈ বেলেগ হৈ পৰিছে ।

লিয়োনেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ দুয়োজনৰে কেৰিয়াৰৰ অন্তিম খেল । বিশেষকৈ এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হিচাপে দুয়োজন বিশ্ববাসীৰ বাবে অতিকে আপোন । সৰ্বস্তৰৰ অনুগামীৰ আশা দুয়োএ এই প্ৰতিযোগিতাত চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি ক্ৰীড়াপ্ৰেমীৰ পৰা বিদায় লওক।

ক্ৰীড়াপ্ৰেমীৰ এই আশাৰ বাবেই দুয়ো খেলুৱৈৰ বাবে এই প্ৰতিযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে । বিশ্বকাপ হাতলৈ আহক বা নাহক , মূৰ উঠাই এই মঞ্চৰ পৰা বিদায় লোৱাৰ গুৰু দায়িত্বৰ সৈতে এই প্ৰতিযোগিতা হ’ব শেষ সুযোগ দুয়ো তাৰকাৰ বাবে । বিশেষকৈ সকলোৰে প্ৰিয়ভাজন মেছিৰ বয়স এতিয়া ৩৭ বছৰ আৰু ৰোণাল্ডোৰ বয়স ৩৫ বছৰ ।

ডিয়োগো মাৰাডোনাৰ দেশৰ মেছিয়ে বৰ্তমানলৈকে বিশ্বকাপৰ সোৱাদ পোৱা নাই । মাৰাডোনাৰ সময়তে দেশখনে বিশ্বকাপ জয় কৰিছিল । একেদৰে পৰ্তুগালৰ ৰোণাল্ডোয়েও আজিলৈকে বিশ্বকাপ হাতত তুলি লোৱাৰ সুযোগ পোৱা নাই । দুয়োজনেই কিন্তু দুৰ্দান্ত খেলুৱৈ । তাত কাৰোৱেই সন্দেহ নাই ।

বিশেষকৈ মেছিৰ ক্ৰীড়াসুলভ মনোভাৱে সকলোকে মোহাচ্ছন্ন কৰি ৰাখে । ভদ্ৰতাৰ চৰম সীমাত উপবিষ্ট মেছি সকলোৰে বাবে অনন্য অনুপ্ৰেৰণা । এটা সাক্ষাৎকাৰত মেছিয়ে কৈছিল , এটা বিশ্বকাপৰ বাবে মই সকলো ট্ৰফি দিব পাৰিম । ভোকাতুৰ হৈ থকা মেছিৰ বাবে এই বিশ্বকাপ হৈ পৰিছে শেষ ভৰষা ।

নিজৰ সকলো উচৰ্গা কৰি খেলিবলৈ সাজু হৈ উঠিছে খেলুৱৈজন । অৱশ্যে মেছিয়ে দেশৰ বাবে আজুৰি আনিছিল কোপা আমেৰিকা কাপ । ইফালে ৰোণাল্ডোয়ে এবাৰ বিশ্বকাপৰ সোৱাদ দিছিল দেশক । মেছিৰ আৰ্জেন্টিনাত ফুটবলৰ যিমান উন্মাদনা আছে ,সেই হিচাবে ৰোণাল্ডোৰ পতুৰ্গালত সেই উন্মাদনা নাই ।

১৯৬৬ চনতে পতুৰ্গালে বিশ্বকাপ ফুটবলত চেমিফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু ৰোণাল্ডোয়ে বিশ্ব ফুটবল ক্ষেত্ৰখনত সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল । প্ৰথমবাৰলৈ ইউৰো কাপ জিকাৰ লগতে দুটা আন্তৰ্জাতিক ট্ৰফি আছে তেওঁৰ লগত ।

একেদৰে দুয়ো খেলুৱৈৰ পুৰস্কাৰ অন্য ফুটবলাৰতকৈ বহুত বেছি । ২০০৮ পৰা ২০১৭ চনলৈকে মেছি-ৰোণাল্ডোয়ে একমাত্র খেলৰ যোগেদি সমগ্ৰ বিশ্বত শাসন কৰিছিল । এইক্ষেত্ৰত দুয়োজনকে টেনিছ খেলুৱৈ ফেডেৰাৰ আৰু নাডালৰ লগত তুলনা কৰিব পাৰি । ফেডেৰা-নাডালৰ বন্ধুত্ব চৰ্চা বিষয় ।

ফেডেৰাৰ শেষ খেলত সহযোগী নাডালে কন্দা সকলোৱে প্ৰত্যক্ষ কৰিছিল । তেনেক্ষেত্ৰত মেছিৰ অৱসৰৰ দিনত ৰোণাল্ডোয়ে কি কৰিব সেইয়া লক্ষণীয় হ’ব ।

Exit mobile version